কাজিৰঙাত সাংসদ কামাখ্যা প্ৰসাদ তাচা : কাজিৰঙাৰ হাইলেন্ড নিৰ্মাণ প্ৰসংগত বন বিভাগ , বেচৰকাৰী সংগঠন আৰু সংবাদ কৰ্মীৰে আলোচনা :

কাজিৰঙাত সাংসদ কামাখ্যা প্ৰসাদ তাচা : কাজিৰঙাৰ হাইলেন্ড নিৰ্মাণ প্ৰসংগত বন বিভাগ , বেচৰকাৰী সংগঠন আৰু সংবাদ কৰ্মীৰে  আলোচনা :
Photo : Uttam Saikia

AIIDESH NEWS  :  27 April :

 বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীয়ে আশ্ৰয় লৈ থাকিব পৰাকৈ হাইলেন্ড নিৰ্মাণ কৰা প্ৰসংগকলৈ বন বিভাগ আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ লগত আলোচনা কৰিবলৈ সোমবাৰৰ দিনা কাজিৰঙাত আহি উপস্থিত হয় সাংসদ কামাখ্যা প্ৰসাদ তাচা ৷ আলোচনতা সাংসদ গৰাকীয়ে সকলোৰে লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে নিৰ্মাণ কৰিব লগীযা হাইলেন্ড, বাট পথকে ধৰি আন সমস্যা সম্পৰ্কে আলোচনা কৰে । সাংসদ গৰাকীৰ মতে কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰী প্ৰকাশ জাবেডকাৰক  কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে উদ্যানত হাইলেন্ড নিৰ্মাণ কৰা আৰু উজনিৰ পৰা অহা গাড়ীবোৰ ডিব্ৰুগডৰ পৰা বগীবিল হৈ আৰু নামনিৰ পৰা যোৱা গাড়ীবোৰ কলিয়াবৰৰ পৰা তেজপুৰহৈ বিকল্প পথেৰে চলাচল কৰাৰ ব্যৱস্থা কৰিবলৈ তেওঁ আহ্বান জনাইছিল আৰু এই আহ্বানৰ প্ৰতি সহাৰি জনায় কেন্দ্ৰীয় চৰকাৰে কাজিৰঙাত হাইলেণ্ড নিৰ্মানৰ বাবে পৰিকল্পনা কৰা বুলিও তেওঁ জনায় ৷ আলোচনাতে ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্য , ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আদি স্বেচ্ছাসেৱী সংগঠনৰ পৰা  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাইলেণ্ড নিৰ্মাণ কৰিব লগা - নলগা  সম্পৰ্কে চৰকাৰক আহ্বান জনোৱা এখন স্মাৰক পত্ৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ হাতত অৰ্পণ কৰা হয় । আলোচনাৰ শেষত তেওঁ বন বিষয়া সকলৰ লগতো আগন্তুক বানপানীৰ বাবে লব লগা প্ৰস্তুতিৰ বিষয়ত আলোচনা কৰি পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে ৷