লখৌজান চাহ বাগিছাৰ পৰা ধনেশ চৰাই উদ্ধাৰ : চিকিৎসাৰ বাবে বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ :

লখৌজান চাহ বাগিছাৰ পৰা ধনেশ চৰাই উদ্ধাৰ : চিকিৎসাৰ বাবে বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ  :
Aiidesh Photo

Aiidesh News : 20 April - 2024 : 

বোকাখাত উপ জিলাৰ কাৰ্বি আংলং পাহাৰৰ নামনিৰ লখৌজান চাহ বাগিছাৰ পৰা আজি এটা ধনেশ চৰাই উদ্ধাৰ কৰি বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হয় ৷ লখৌজান চাহ বাগিছাৰ চাইমন টেলেঙাৰ বসগৃহৰ চৌহদৰ এজোপা সৰু গছত আজি দুদিন ধৰি আছিল অৰিয়েন্টেল পাইড হৰ্ণবিল প্ৰজাতিৰ ধনেশ চৰাইটো ৷ স্থানীয় লোকে দুদিন ধৰি পৰ্যবেক্ষন কৰি থকা ধনেশ চৰাইটো আজি পুৱা গছৰ পৰা মাটিত পৰি যোৱাত স্থনীয় লোকে বাগিছাৰে যুৱক তথা সম্প্ৰতি ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বন্যপ্ৰাণী জৰীপৰ কামত জড়িত হৈ থকা অংকুৰ নাহকক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ অংকুৰ নাহকে ধনেশ চৰাইটো উদ্ধাৰ কৰি বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ আনে ৷ কেন্দ্ৰটোৰ জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰীয়ে ধনেশ চৰাইটোৰ তাৎক্ষণিক চিকিৎসা আৰম্ভ কৰে ৷ ডা৹ ভাস্কৰ চৌধুৰীয়ে জনোৱা মতে চৰাইটোৰ শৰীৰত আঘাতৰ চিন নাই যদিও ঠোটৰ ওপৰ অংশত কিছু বিসংগতি দেখা গৈছে ৷ ঠোটৰ ওপৰ অংশ ভাঙিছিল যদিও সম্প্ৰতি নতুকৈ বাঢ়ি আহিছে ৷ বৰ্তমান ধনেশ চৰাইটো বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত পৰ্যবেক্ষণত ৰখা হৈছে ৷ ইফালে উদ্ধাৰকাৰী যুৱক অংকুৰ নাহকে জনোৱা মতে উদ্ধাৰৰ সময়ত চৰাইটোৰ ভৰিত ৰছি বন্ধা আছিল ৷ চৰাইটোক কোনোৱাই কৰায়ত্ব কৰা বুলিও স্থানীয় লোকে সন্দেহ কৰিছে ৷ 

*********