বোকাখাতৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথৰ বাবে তিনিটা আৰ্হিৰ পৰিকল্পনা : চাৰিলেন যুক্ত পথৰ বাবে ৰাজহুৱা সভাৰে হ’ব সিধান্ত : অচিৰেই বোকাখাতত ৰাজহুৱা শুনানি :

বোকাখাতৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথৰ বাবে তিনিটা আৰ্হিৰ পৰিকল্পনা : চাৰিলেন যুক্ত পথৰ বাবে ৰাজহুৱা সভাৰে হ’ব সিধান্ত : অচিৰেই বোকাখাতত ৰাজহুৱা শুনানি :
Aiidesh Photo

 

বোকাখাতৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথৰ বাবে তিনিটা আৰ্হিৰে পৰিকল্পনা : চাৰিলেন যুক্ত পথৰ বাবে ৰাজহুৱা সভাৰে হ’ব সিধান্ত : অচিৰেই বোকাখাতত ৰাজহুৱা শুনানি :

Aiidesh News  : 20 June 2023 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰৰ লগতে বোকাখাত হৈ নুমলীগড়লৈকে প্ৰসাৰিত হ'ব চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় পথ ৷ এই প্ৰস্তাৱিত পথচোৱা বোকাখাতৰ বৰজুৰিৰ পৰা অগ্ৰসৰ হৈ বোকাখাতৰ মাজেদি নুমলীগড়লৈকে প্ৰসাৰিত কৰা হ'ব বুলি জানিব পৰা গৈছে ৷  ২০ মিটাৰ বহল এই পথ বোকাখাত নগৰৰ মাজেৰে নিয়াৰ বাবে বোকাখাতৰ জনসাধাৰণে দীৰ্ঘ দিন ধৰি দাবী জনাই আহিছিল যদিও এই সম্পৰ্কত এতিয়াও চূড়ান্ত সিধান্ত গ্ৰহন কৰা নাই ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণে ৷ ৰাষ্ট্ৰীয় পথ প্ৰধিকৰণৰ মতে বোকাখাত নগৰৰ মাজেৰে যাব লগা চাৰিলেন যুক্ত পথৰ বাবে তিনিটা আৰ্হি প্ৰস্তুত কৰা হৈছে ৷ 

ইয়াৰে এটা আৰ্হি মতে প্ৰস্তাৱিত চাৰি লেন যুক্ত পথ বোকাখাত নগৰৰ মাজেৰে যোৱা বৰ্তমানৰ ৰাষ্ট্ৰীয় পথে দিয়েই লৈ যোৱা হ'ব আৰু ইয়াৰ বাবে বোকাখাত নগৰৰ মাজ মজিয়াত থকা চাৰি আলিটোত ১২ মিটাৰ ওখ এখন অভাৰ ব্ৰীজ নিৰ্মান কৰা হ'ব ৷ এই আৰ্হি মতে অভাৰ ব্ৰীজৰ তলত গাড়ী ৰখাবৰ বাবে স্থান থকাৰ উপৰিও পথৰ দুয়োকাষে ৬ মিটাৰ বহল চাৰ্ভিচ ৰোড নিৰ্মান কৰা পৰিকল্পনা কৰা হৈছে ৷ 

দ্বিতীয়তো আৰ্হি মতে বোকাখাত নগৰৰ উত্তৰ দিশেৰে যোৱা উপ পথটোৰে নগৰ খনক বাদ দি চাৰিলেন যুক্ত পথ নিৰ্মানৰ পৰিকল্পনা কৰা হৈছে ৷ এই পৰিকল্পনাত বানপানী এক প্ৰতিবন্ধক হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে বিভাগীয় কৰ্তৃপক্ষই ৷ 

তৃতীয়টো আৰ্হিত প্ৰস্তাৱিত চাৰিলেন যুক্ত পথ বোকাখাতৰ দক্ষিনেৰে কাৰ্বি পাহাৰৰ পাদদেশেৰে লৈ যোৱাৰ পৰিকল্পনাৰ কথা কোৱা হৈছে ৷ 

বোকাখাতত প্ৰস্তাৱিত চাৰিলেন যুক্ত পথ নিৰ্মানৰ বাবে প্ৰস্তুত কৰা এই তিনিওটা আৰ্হিৰ ওপৰত ৰাজহুৱা সিধান্ত গ্ৰহনৰ বাবে অহা ২৪ বা ২৫ জুনত জিলা প্ৰশাসনে বোকাখাতত এখন ৰাজহুৱা সভা আহ্বান কৰাৰ সম্ভাৱনা আছে ৷ বোকাখাতৰ নাট্যমন্দিৰত হ'ব লগা এই ৰাজহুৱা সভাতেই উল্লেখিত তিনিটা আৰ্হি ৰাইজৰ আগত দাঙি ধৰি ইয়াৰে এটা আৰ্হিক  চূড়ান্ত কৰি ৰূপায়নৰ বাবে গ্ৰহন কৰা হ'ব বুলি ৰাষ্ট্ৰীয় প্ৰাধিকৰণৰ সুত্ৰত প্ৰকাশ ৷

**************