বোকাখাতত প্ৰৱল ধুমুহা বৰষুন : কুৰিটাৰো অধিক বাসগৃহৰ বিস্তৰ ক্ষতি :

বোকাখাতত প্ৰৱল ধুমুহা বৰষুন : কুৰিটাৰো অধিক বাসগৃহৰ বিস্তৰ ক্ষতি :

বোকাখাতত প্ৰৱল ধুমুহা বৰষুন : কুৰিটাৰো অধিক বাসগৃহৰ বিস্তৰ ক্ষতি :

AIIDESH NEWS : 21st April : 


এজাক প্ৰৱল ধুমুহা বৰষুণে মংগল বাৰৰ  বিয়লি বোকাখাতৰ পানবাৰী আৰু সমীপৰ বৰভেটা গাওঁৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ তীব্ৰ বেগত পাৰহৈ যোৱা এই ধুমুহাই অঞ্চলটোৰ বহু লোকৰ বাসগৃহৰ উপৰিও বহু সা সম্পতিৰ বিস্তৰ ক্ষতি সাধন কৰে ৷ বহু লোকৰ বাসগৃহৰ বেৰ চাল উৰুৱাই নিয়ে এই ধুমুহাই ৷ বতাহ জাকৰ লগত অহা বৰষুনে নষ্ট কৰে সাঁচতিয়া শস্যৰ ভঁৰাল ৷ খাদ্য সামগ্ৰীৰ লগতে কাপোৰ কানিও ৷ ধুমুহা বতাহত কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে বহুজনে ৷ ধুমুহা বৰষুণত অৱশ্যে কোনো লোক বা পশুধনৰ ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই ৷ ধুমুহা জাকে পানবাৰী আৰু বৰভেটা গাওঁৰ কুৰিটাৰো অধিক লোকৰ বাসগৃহৰ ক্ষতি কৰে ৷ সপ্তাহটোৰ ভিতৰতে অহা দুজাক ধুমুহাই এতিয়া কোঙা কৰি পেলাইছে অঞ্চলবাসীক ৷ দেশ জুৰি চলি থকা লক ডাউনৰ মাজতে অহা প্ৰথম জাক ধুমুহাত সৰ্বস্ৰান্ত হোৱা পানবাৰী আৰু বৰভেটাৰ সৰ্বসাধাৰণে ধ্বংস হোৱা বাসগৃহ মেৰামতি কৰি লওতেই অহা মংগলবাৰৰ এই ধুমুহাই পুনৰ বিধস্ত কৰিলে সৰ্বসাধাৰণক ৷