বোকাখাতত ছাত্ৰ ছাত্ৰীৰ মাজত বিনামুলীয়া পাঠ্যপুথি বিতৰণৰ শুভ উদ্বোধন :

বোকাখাতত ছাত্ৰ ছাত্ৰীৰ মাজত বিনামুলীয়া পাঠ্যপুথি বিতৰণৰ শুভ উদ্বোধন  :
Aiidesh Photo

Aiidesh News  : 29 March 2023  : 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি বোকাখাততো গোলাঘাট পশ্চিম শিক্ষা খণ্ড বোকাখাতৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ মাজত বিনামুলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষ্যে গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাতৰ উদ্যোগত বোকাখাত টাউন স্কুলৰ প্ৰংগনত আয়োজিত অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত তথা বোকাখাত মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডা৹ নেহা যাদৱৰ উপৰিও বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া, জেষ্ঠ অধিবক্তা জগত কলিতা , খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মুকুল কোঁৱৰৰ লগতে ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীও উপস্থিত থাকে ৷

অনুষ্ঠানত মহকুমাধিপতি ডা৹ নেহা যাদৱৰ লগতে উপস্থিত অতিথি সকলে উপস্থিত ছাত্ৰী- ছাত্ৰী সকলৰ মাজত বিনামুলীয়া পাঠ্যপুঠি বিতৰণ কৰে ৷ উল্লেখ্য আজিৰ উদ্বোধনী অনুষ্ঠানৰ পিচতেই বোকাখাতৰ মুঠ ২৩৯ খন বিদ্যালয়ত পাঠ্যপুথি বিতৰণ কৰিব  গোলাঘাট পশ্চিম শিক্ষা খণ্ড বোকাখাতৰ কাৰ্যালয়ে ৷ ইয়াৰে ১৬৭ খন প্ৰাথমিক বিদ্যালয়, ২০ খন এম ই স্কুল, ১৭ খন চিনিয়ৰ বেচিক আৰু ৩৫ খন উচ্চ মাধ্যমিক বিদ্যালয় বুলি জানিব পৰা গৈছে ৷

উদ্বোধনী অনুষ্ঠানত চৰকাৰৰ তৰফৰ পৰা বিনামুলীয়াকৈ প্ৰদান কৰা পাঠ্যপুথি সমুহক সযতনেৰে ৰখাৰ ব্যৱস্থা কৰিবলৈ আৰু বিদ্যালয়বোৰৰ মাজত পাঠ্যপুঠি সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰাৰ বাবে ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ মাজত পাঠ্যপুথি সংৰক্ষণ বঁটা প্ৰদানৰ কথা ঘোষণা কৰে খণ্ড শিক্ষা বিষয়া মুকুল কোঁৱৰে ৷ নিজৰ ভাষণত মহকুমাধিপতি ডা৹ নেহা যাদৱে ছাত্ৰ ছাত্ৰীৰ মাজত কিতাপ পঢ়াৰ আগ্ৰহ আৰু অভ্যাস গঢ়ি তুলিবৰ বাবে উপস্থিত শিক্ষক শিক্ষয়িত্ৰীক আহ্বান জনায় ৷

********