বোকাখাতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আশানুৰূপ : পাঁচখন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ :

বোকাখাতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আশানুৰূপ : পাঁচখন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ :
Collected

Aiidesh News  : 20 April - 2024  : 

আজি ঘোষিত অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আশানুৰূপ ফলাফলে উৎফুল্লিত কৰিছে বোকাখাতবাসীক । বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ মুঠ ১০৫১ পৰীক্ষাৰ্থীৰ ৭৬০ গৰাকী উত্তীৰ্ণ হৈছে । এই পৰীক্ষা কেন্দ্ৰৰ উত্তীৰ্ণৰ হাৰ ৭২.৩১ শতাংশ । সদ্যঘোষিত পৰীক্ষাৰ ফলাফলত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুল, কাজিৰঙা মডাৰ্ণ স্কুল, বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু ৰজাবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মুঠ ১০০ শতাংশ ছাত্ৰ ছাত্ৰীয়ে  পৰীক্ষাত উত্তীৰ্ণৰ হৈছে ৷ 

বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৪০ পৰীক্ষাৰ্থীৰ ভিতৰত ২ ষ্টাৰ লৈ ১৯ প্ৰথম বিভাগত, ২১ দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় । বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ মুঠ ১০১ পৰীক্ষাৰ্থীৰ ১২ গৰাকীয়ে ডিষ্টিংচন, ২৬ গৰাকীয়ে ষ্টাৰ পোৱাৰ বিপৰীতে ৮০ গৰাকী প্ৰথম বিভাগত, ২১ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ন হৈছে ৷ যাৰ বাবে বিদ্যালয়খনৰ উত্তীৰ্ণ হাৰ ১০০ শতাংশ ৷ ৰজাবাৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মুঠ ৪২ পৰীক্ষাৰ্থীৰ ৫ গৰাকীয়ে ডিষ্টিংচন, ৫ গৰাকীয়ে ষ্টাৰ সহ ৩২ প্ৰথম বিভাগত আৰু ১০ গৰাকীয়ে দ্বিতীয় বিভাগকে ধৰি ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বিদ্যালয়খন উজলি উঠিছে । একেদৰে বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মুঠ ৫২ গৰাকী পৰীক্ষাৰ্থীৰ ২ গৰাকীয়ে ডিষ্টিংচন, ষ্টাৰ সহ ৩২ গৰাকী প্ৰথম আৰু ১৯ গৰাকীয়ে দ্বিতীয় আৰু এগৰাকীয়ে তৃতীয় বিভাগকে ধৰি সকলো পৰীক্ষাৰ্থীয়েই উত্তীৰ্ণ হৈছে ৷

*********