সন্ধিয়া ৯ বজালৈকে কাজিৰঙা সমষ্টিৰ বোকাখাতত ভোটগ্ৰহনৰ হাৰ ৭৪.২০ শতাংশ : ভোটগ্ৰহন শান্তিপুৰ্ণ :

সন্ধিয়া ৯ বজালৈকে কাজিৰঙা সমষ্টিৰ বোকাখাতত ভোটগ্ৰহনৰ হাৰ ৭৪.২০ শতাংশ  : ভোটগ্ৰহন শান্তিপুৰ্ণ  :
Aiidesh Photo

Aiidesh News  : 19 April - 2024 : 

আজি পুৱাৰে পৰা অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কাজিৰঙা লোকসভা সমষ্টিৰ ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ মুঠ ১৮৭ টা ভোট গ্ৰহন কেন্দ্ৰত বিয়লি ৯ বজালৈকে মুঠ ভোটাৰৰ ৭৪.২০ শতাংশ ভোটাৰে ভোটদান কৰিছে ৷ একেদৰে কাজিৰঙা লোকসভা সমষ্টিত ৭১.৮৫ শতাংশ ভোটগ্ৰহন সম্পন্ন হয় ৷ বিয়লি ৫ বজাৰ লগে লগে ভোটগ্ৰহন বন্ধ হয় যদিও সমষ্টিৰ বিভিন্ন ভোটগ্ৰহন কেন্দ্ৰৰ তথ্য এতিয়াও আহি আছে ৷ বহু কেন্দ্ৰ চৌহদৰ ভিতৰত ৫ বজাৰ পিচতো ভোটাৰৰ দিঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ৷ যাৰ বাবে সন্ধিয়া ৯ বজালৈহে ভোটগ্ৰহনৰ মুঠ পৰিসংখ্যা পোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ বিপৰীতে সমষ্টিটোৰ দুটামান ভোটগ্ৰহন কেন্দ্ৰত ই ভি এমৰ বিসংগতিৰ বাদে বোকাখাত বিধান সভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহন সামগ্ৰিকভাৱে শান্তিপূৰ্ণ ৷ সম্প্ৰতি সমষ্টিৰ বিভিন্ন কেন্দ্ৰৰ পৰা ইভি এম আনি থকা হৈছে ৷ এই ই ভি এম সমুহ বোকাখাতৰ অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰোমত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷

আজি পুৱাতে বোকাখাতৰ ১৫১ নং বিহৰা মিকিৰচাং প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহন কেন্দ্ৰত ই ভি এম মেচিনৰ বিজুতিৰ বাবে প্ৰায় দুঘণ্টা সময় ভোটদান প্ৰক্ৰিয়া স্থগিত ৰাখিব লগীয়া হয় ৷ একেদৰে ই ভি এমৰ বিজুতিৰ বাবে নুমলীগড়ৰ ১৩১ নং ধলা কছাৰী  প্ৰাথমিক  বিদ্যালয়ৰ ভোট  গ্ৰহণ  কেন্দ্ৰতো প্ৰায়  ১ ঘন্টা  সময় ধৰি  বন্ধ হৈ  থাকে ভোটগ্ৰহন প্ৰক্ৰিয়া ।  অৱশ্যে পিচত নতুন  ই ভি এম যোগান  ধৰিহে  ভোট  গ্ৰহণ  আৰম্ভ কৰা হয় । ইফালে বোকাখাতৰ প্ৰায়বোৰ ভোটগ্ৰহন কেন্দ্ৰতে সময়ৰ নাটনিৰ অজুহাত দেখুৱাই স্বাক্ষৰ ভোটাৰকো বুঢ়া আঙুলিৰ চাপ বা টিপ চহী দিবলৈ বাধ্য কৰোৱাৰ অভিযোগ পোৱা গৈছে ৷  বহু কেন্দ্ৰত ভোটাৰ তালিকাৰ বিসংগতিৰ বাবে আজি বহু ভোটাৰ নিজৰ নিজৰ ভোটাধিকাৰ পৰা বঞ্চিত হ'ব লগা হয় ৷ ইফালে নিৰ্বাচনৰ প্ৰাকক্ষণত ভোট বৰ্জন কৰিৰ কথা ঘোষণা কৰা বোকাখাতৰ বেলগুৰি গাওঁৰ ভোটগ্ৰহন কেন্দ্ৰত আজি মুঠ ৫৪.৬৭ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে ৷

আজি বোকাখাতৰ জ্যোতি বিদ্যাপীঠৰ ভোটগ্ৰহন কেন্দ্ৰত নিজৰ মতদান সাব্যস্ত কৰে কেবিনেট মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাই ৷বোকাখাতৰ ম'হমাইকী গাঁও পঞ্চায়তৰ অন্তৰ্গত জ্যোতি বিদ্যাপীঠত ভোটদান কৰিলে অগপ সভাপতি, বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাই । ভোটদান কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সকলোকে ভোটদানৰ বাবে ওলাই আহিবলৈ আহ্বান জনাই অতুল বৰাই কয় যে ভোটদান সকলো নাগৰিকৰে গণতান্ত্ৰিক অধিকাৰ । আজি পুৱাৰে পৰা ভোটাৰৰ মাজত দেখা উৎসাহ উদ্দীপনা গণতন্ত্ৰৰ বাবে শুভ লক্ষণ বুলিও তেওঁ মন্তব্য কৰে । মন্ত্ৰী অতুল বৰাৰ এই মন্তব্যৰ বিপৰীতে বোকাখাত সমষ্টিত ভোটগ্ৰহনৰ হাৰ ৭৪ শতাংশতকৈ বেছি হলেও নতুন প্ৰজন্মৰ মাজত ভোটদানৰ প্ৰতি অনিহা দেখিবলৈ পোৱা যায় ৷ যাৰ বাবে এইবাৰ নতুন প্ৰজন্মৰ বহু ভোটাৰে নোটাতেই ভোটদান বেছিকৈ কৰাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত আছে মুঠ ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰ । প্ৰতি কেন্দ্ৰত এজনকৈ প্ৰিজাইডিং,আৰু তিনি জনকৈ প'লিং বিষয়া নিয়োগ কৰা হৈছিল । ৰিজাৰ্ভত ৰখা হৈছিল ২০ শতাংশ  বিষয়া কৰ্মচাৰীৰ দল । বোকাখাতৰ মুঠ ১৮৭ টা ভোটগ্ৰহন কেন্দ্ৰ বিপৰীতে ১৫ টা ভোটগ্ৰহন কেন্দ্ৰ পৰিচালনা কৰিছিল কেৱল মহিলা বিষয়াই লগতে দুটা আদৰ্শ কেন্দ্ৰও স্থাপন কৰা হৈছিল । মন কৰিবলগীয়া যে ১০৫ বোকাখাত বিধান সভা সমষ্টিত মুঠ ভোটাৰ হ'ল ১,৫৮,৪২০ গৰাকী ৷ ইয়াৰে ৭৭,৮৩০ গৰকী পুৰুষ, ৮০,৫৮৮ গৰাকী মহিলা, আৰু দুগৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ । ইয়াৰ ৩,৪৪৫ গৰাকী নতুন ভোটাৰ । কাজিৰঙা লোকসভা সমষ্টিত মুঠ ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিলেও মুল যুঁজ মিত্ৰ জোটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচা আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীৰ মাজতেই আবদ্ধ থকা দেখা গ'ল ৷ 

*********