কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডত গঢ়ি উঠা হোমষ্টেৰ স্বত্বাধিকাৰলৈ আৰণ্যকৰ সৌৰ চালিত ইনভাৰ্টাৰ যোগান :

কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডত গঢ়ি উঠা হোমষ্টেৰ স্বত্বাধিকাৰলৈ আৰণ্যকৰ সৌৰ চালিত ইনভাৰ্টাৰ যোগান  :
Aiidesh Photo
কাজিৰঙা-কাৰ্বি আংলং ভূখণ্ডত গঢ়ি উঠা হোমষ্টেৰ স্বত্বাধিকাৰলৈ আৰণ্যকৰ সৌৰ চালিত ইনভাৰ্টাৰ যোগান  :

Aiidesh News  : 24 April 2025 : 

কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডত পাৰিপাৰ্শ্বক পৰ্যটনক গ্ৰাম্যাঞ্চলত উদগনি যোগোৱাৰ উদ্দেশ্যে দেশৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত অঞ্চলটোৰ জনসাধাৰণে গঢ়ি তোলা পাঁচোটাকৈ হোমষ্টেক সৌৰ শক্তি চালিত ইনভাৰ্টাৰ বিতৰণ কৰা হয় ।

পাৰিপাৰ্শ্চিক ভাৱে সংবেদনশীল অঞ্চলত অংশগ্ৰহণমূলক প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ প্ৰসাৰৰ লগতে বহনক্ষম জীৱিকা শক্তিশালী কৰাৰ বাবে আৰণ্যকে অব্যাহত ৰখা প্ৰচেষ্টা সমুহৰ অংশ হিচাপে কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডৰ অন্তৰ্গত কহঁৰাৰ পাঁচটা হোমষ্টে ক্ৰমে মাৰ্গাৰেট হোমষ্টে, প্ৰীতি হোমষ্টে, অঞ্জনা হোমষ্টে, কাৰেং হোমষ্টে  আৰু চাৰ্মে হোমষ্টেক সৌৰ চালিত ইনভাৰ্টাৰ প্ৰদান কৰে আৰণ্যকে ।

শেহতীয়াকৈ কাজিৰঙা ভ্ৰমণ বাবে অহা বলিউডৰ  জনপ্ৰিয় অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা নন্দিতা দাসে এইনইনভাৰ্টাৰ বিতৰণৰ এটা প্ৰাৰম্ভিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । কাৰেং নীমৰ হোমষ্টেৰ স্বত্বাধিকাৰ কাৰেং ৰংপিপী নামৰ হিতাধিকাৰী গৰাকীৰ মতে আমাৰ অঞ্চলত সঘনাই সন্মুখীন হোৱা বিদ্যুৎ কৰ্তনৰ সমস্যাই আমাৰ পৰ্যটনৰ লগতে আমাৰ অতিথিসকলকো সমস্যাত পেলায় । আৰণ্যকে আমাক প্ৰদান কৰা সৌৰ চালিত ইনভাৰ্টাৰৰ সহায়ত এতিয়া নিৰ্বিঘ্নে হোমষ্টে চলোৱাৰ লগতে অতিথি সকলকো এতিয়া আমি উন্নত সুবিধা প্ৰদান কৰিব পাৰিম ৷

উল্লেখ্য যে আৰণ্যকৰ জাৰ্ণি ফৰ লাৰ্নিং  নামৰ এক অভিলাসী পদক্ষেপৰ জৰিয়তে কাজিৰঙা কাৰ্বি আংলং ভুখণ্ডত আৰ্থ-সাংস্কৃতিক পৰ্যটনক উদগনি যোগোৱাৰ উদ্দেশ্যে অঞ্চলটোৰ  কিণ্ডুলাংছু আত্ম সহায়ক গোটৰ সহযোগত দহটা হোমষ্টে গঢ়ি তুলিছে । জাৰ্ণি ফৰ লাৰ্নিং হৈছে স্থানীয় জনসাধাৰণৰ সহযোগত প্ৰকৃতি আৰু পৰম্পৰাগত ব্যৱস্থাৰে অভিজ্ঞতাভিত্তিক শিক্ষণক উদগনি যোগোৱা এক পদক্ষেপ । এই কাৰ্যসূচী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাৰ্বি আংলঙৰ কহঁৰা নদী অৱবাহিকাৰ গাঁও, বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ আৰু ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড অঞ্চলত আৰণ্যতে ৰূপায়ণ কৰিছে বুলি অৱগত কৰে ৷

**********