কাজিৰঙা আৰু বোকাখাতত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ : গজ উৎসৱৰ প্ৰস্তুতিৰ বুজ লয় তেওঁ :

Aiidesh News  : 30 March 2023  :

কাজিৰঙাত অনুস্থিত হব লগা গজ উৎসৱ আৰু ইয়াৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱিত ভ্ৰমনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি কাজিৰঙা আৰু বোকাখাতত উপস্থিত হয় অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ৷ মুখ্য সচিব গৰাকীয়ে বন বিভাগৰ উদ্যোগত আয়োদিত গজ উৎসৱৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত হ'ব লগা হস্তী প্ৰদৰ্শনীৰ স্থান আৰু কঁহৰাৰ নেচনেল পাৰ্ক হাইস্কুলৰ খেল পথাৰত হ'ব লগা মুকলি সভাৰ স্থান পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় ৷

পৰৱৰ্তী সময়ত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱিত কাজিৰঙা ভ্ৰমণৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন বিভাগৰ বিষয়াৰে এক আলোচনাত মিলিত হয় । মুখ্য সচিব গৰাকীৰ এই পৰিদৰ্শনৰ সময়ত গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, প্ৰধান মুখ্য বন সংৰক্ষক এন কে যাদৱ, গোলাঘাটৰ আৰক্ষী অধীক্ষক  পুষ্কিন জৈন, কাজিৰঙাৰ সঞ্চলক যতীন্দ্ৰ শৰ্মা, ডি এফ অ' ৰমেশ কুমাৰ গগৈ, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱৰ উপৰিও বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে  । 

উল্লেখ্য যে অহা ৬ ,৭ আৰু ৮ এপ্ৰিলত বন বিভাগৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গজ উৎসৱ অনুষ্ঠিত হ'ব আৰু এই উৎসৱত অংশ গ্ৰহন কৰিবৰ বাবে ৬ এপ্ৰিলত কাজিৰঙালৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰুপদী মুৰ্মু ৷ গজ উৎসৱৰ  বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি, কাজিৰঙা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত ৬ , ৭ আৰু ৮ এপ্ৰিলত পৰ্যটকৰ বাবে থকা হাতী আৰু জীপ চাফাৰী বন্ধ থাকিব বুলি ইতিমধ্যেই ঘোষণা কৰিছে কাজিৰঙাৰ কৰ্তৃপক্ষই  ৷

ইফালে ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱিত কাজিৰঙা ভ্ৰমণৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত আলোচনাৰ বাবে অহা অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে আজি বোকাখাতৰ ৰাজহুৱা খেল পথাৰত  চলি থকা বিহু আখৰাও পৰিদৰ্শন কৰে ।  গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যখনৰ ১০ সহস্ৰাধিক বিহুৱা-বিহুৱতীৰ দ্বাৰা অভিলেখ গঢ়াৰ অনুষ্ঠানত অংশ ল'বৰ বাবে বোকাখাত সমষ্টিৰ বাবে বোকাখাততো এই আখৰা অব্যাহত আছে । 

 *********