বোকাখাতৰ সন্ধানী লেখিকা সমাৰোহ সমিতিৰ দ্বি বাৰ্ষিক অধিৱেশন সম্পন্ন : একাধিক গ্ৰন্থ উন্মোচন :
Aiidesh News : 30 June - 2025 :
বোকাখাতৰ ৪ নং ৱাৰ্ডত থকা সন্ধানী লেখিকা সমাৰোহ সমিতিৰ স্থায়ী কাৰ্যালয়ত ২৮ আৰু ২৯ জুনত দুদিনীয়াকৈ সমিতিৰ অধিবেশন অনুষ্ঠিত হয়। কাৰ্যসুচী অনুসৰী পুৱা প্ৰেৰণাময়ী অন্নদা শইকীয়াৰ আৱক্ষ মূৰ্তিৰ সমূখত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে ৰাজ্যিক বঁটা প্ৰাপ্ত অৱসৰ প্ৰাপ্ত কৃৰ্তি শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা শইকীয়া আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে । উপস্থিত বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াই স্মৃতি তৰ্পণ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি স্মৃতি তৰ্পণ কৰে । অনুষ্ঠানৰ আঁত ধৰে সন্ধানীৰ লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকাই ।
লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ড° শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে কমাৰগাওঁ মহাবিদ্যালয়ৰ অধ্যাপিকা ড°গায়ত্ৰী কাকতি বৰাই, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী, প্ৰেৰণাময়ী অন্নদা শইকীয়াৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ডালিমী শইকীয়া বৰা আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° চাৰু চহৰীয়া নাথে ।
পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাউণ্ডে। সভাৰ আৰম্ভণিতে মিলনপুৰৰ মহিলা সকলে সমবেত সংগীত পৰিবেশন কৰে । শোক প্ৰস্তাৱ পাঠ কৰে সন্ধানী লেখিকা সমাৰোহ সমিতিৰ পত্ৰিকা সম্পাদক গীতাঞ্জলি কলিতাই । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্ধানীৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকাই । সভা উদ্বোধন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে । আদৰণি ভাষণ আগবঢ়ায় সন্ধানী লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী কল্পনা চেতিয়াই । নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, সাহিত্যিক পেঞ্চনাৰ ড৹ চাৰু চহৰীয়া নাথে।
সভাত বিশিষ্ট অতিথি হিচাপে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ বিভা বৰা, গোলাঘাটৰ ডি আৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড৹ দিপালী বৰা, পুৱতি সাহিত্য সভাৰ সভাপতি গোপিকানন্দ শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি বিপুল বৰা, গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰূপা বৰা শইকীয়া, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অপূৰ্ব বৰদলৈ, গোলাঘাট জিলা আপকুৰ সভাপতি ভবানন্দ কলিতা, অসম সাংস্কৃতিক মহাসভা, বোকাখাত আঞ্চলিক সমিতিৰ সভাপতি মনোৰঞ্জন সেন, পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুৰেন্দ্ৰনাথ গগৈ, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি চৈয়দ আনিচুৰ ৰহমান, বৰ্তমানৰ সভাপতি প্ৰদীপ খাউণ্ড, সম্পাদক তৰুণ দলে, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, গোলাঘাট জিলা কবি সন্মিলনৰ অমৰ শৰ্মা, সমাজ কৰ্মী ৰাজেন্দ্ৰ প্ৰসাদ নিমুদিয়া, বোকাখাত জিলা মইনা পাৰিজাতৰ সম্পাদক অনন্ত হাজৰিকা, মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য, সমাজ কৰ্মী উৎপল বৰদলৈ,শংকৰ সেনাপতি, বোকাখাত জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক অসীম বৰা, জাচিংফা লেখিকা সমাৰোহ সমিতিৰ লাৱণ্য গগৈ, জিনু গগৈ, জাগৃতি লেখিকা সমাৰোহ সমিতিৰ মিন্তী গগৈ, ৰুণজুন গগৈ, কাজিৰঙাৰ মিনু কুমাৰী বুঢ়াগোহাঁই, পুৱতি সাহিত্য সভাৰ সম্পাদক নমিতা বৰা, মহকুমা কবি সন্মিলনৰ সম্পাদক অজন্তা তালুকদাৰ, মুনিন্দ্ৰ কুমাৰ বৰদলৈ, মৃদুস্মিতা শৰ্মা আদি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সভাৰ আঁত ধৰে গীতাঞ্জলি কলিতাই ।
আজিৰ সভাত মুখপত্ৰ সন্ধানীকে ধৰি ছয় খন গ্ৰন্থ উন্মোচন হয় । সন্ধানীৰ মুখপত্ৰ "সন্ধানী" উন্মোচন কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই । ড৹ বিভা বৰাৰ গ্ৰন্থ বীৰাঙ্গনা সতী সাধনী উন্মোচন কৰে জে দি এচ জি মহাবিদ্যালয়ৰ অধ্যাপক ড৹ জয়ন্ত দাসে, অঞ্জনা গগৈৰ গ্ৰন্থ ভ্ৰমণ নিৰ্যাস উন্মোচন কৰে সুবৰ্ণ শইকীয়া বৰদলৈয়ে, প্ৰভাত বৰদলৈৰ গ্ৰন্থ সু-প্ৰভাত উন্মোচন কৰে ড৹ বিভা বৰাই, শ্ৰীমতী বোধেশ্বৰী বৰাৰ গ্ৰন্থ প্ৰবন্ধ মিচিল উন্মোচন কৰে কল্পনা চেতিয়াই, কুঞ্জলতা দাস ৰ গ্ৰন্থ আশাৰ এখনি নৈ উন্মোচন কৰে পুতলী খাউণ্ডে।
সন্ধানী লেখিকা সমাৰোহ সমিতিৰ দ্বি বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত প্ৰেৰণাময়ী অন্নদা শইকীয়া প্ৰবন্ধ প্ৰতিযোগিতা, প্ৰয়াত তুৱাৰাম দত্ত আৰু ৰেনুকা দত্ত সোঁৱৰণী মহিলাৰ আকস্মিক বক্তৃতা প্ৰতিযোগিতা আৰু পংকজ -মদন কলিতা সোঁৱৰণী একক অভিনয় প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰা হয়। প্ৰতিযোগিতাৰ বিচাৰক হিচাপে কল্পনা চেতিয়া, বোধেশ্বৰী বৰা আৰু গীতাঞ্জলি কলিতা উপস্থিত থাকে। শেষত সম্পাদিকা শান্তি দত্ত বৰদলৈয়ে শলাগৰ শৰাই আগবঢ়ায়। অধিবেশনৰ বিষয়বাচনী সভাত অনুৰাধা বৰদলৈক সভাপতি, কল্পনা চেতীয়াক কাৰ্যকৰী সভাপতি, ৰীণা শইকীয়া আৰু বোধেশ্বৰী বৰাক সম্পাদক হিচাবে লৈ সৰ্বসন্মতি ক্ৰমে ৪৫ জনীয়া এখন নতুন সমিতি গঠন কৰা হয় ৷
***********