বোকাখাতত অসম গেছ কোম্পানী লিমিটেডৰ উদ্যোগত পাইপ যোগে ৰন্ধন গেছ যোগান আঁচনিৰ উদ্বোধন :

বোকাখাতত অসম গেছ কোম্পানী লিমিটেডৰ উদ্যোগত পাইপ যোগে ৰন্ধন গেছ যোগান আঁচনিৰ উদ্বোধন :
Aiidesh Photo
বোকাখাতত অসম গেছ কোম্পানী লিমিটেডৰ উদ্যোগত পাইপ যোগে ৰন্ধন গেছ যোগান আঁচনিৰ উদ্বোধন :
বোকাখাতত অসম গেছ কোম্পানী লিমিটেডৰ উদ্যোগত পাইপ যোগে ৰন্ধন গেছ যোগান আঁচনিৰ উদ্বোধন :

Aiidesh News : 2 March - 2026 :

অসম গেছ কোম্পানী লিমিটেডৰ উদ্যোগত আজি বোকাখাত নগৰত উপভোক্তাৰ ঘৰে ঘৰে পাইপ যোগে ৰন্ধন গেছ যোগান  আঁচনিৰ আনুষ্ঠানিক ভৱে উদ্বোধন কৰা হয়  । অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই বোকাখাত নগৰৰ খৃষ্টজ্যোতি স্কুলৰ সমীপত ৰন্ধন গেছৰ নিয়ন্ত্ৰন চুইচ টিপি, ফিটা কাটি আনুষ্ঠানিক ভাৱে বোকাখাতৰ এই গেছ যোগান আঁচনিৰ উদ্বোধন কৰে । ইয়াৰ পিচতেই বোকাখাতৰ ৰন্ধন গেছৰ প্ৰথম গৰাকী উপভোক্তা প্ৰয়াত সুৰেন্দ্ৰনাথ গগৈৰ বাসগৃহত ৰন্ধন গেছ ব্যৱহাৰ পৰিদৰ্শন কৰি সুবিধা অসুবিধাৰ বুজ লয় মন্ত্ৰী অতুল বৰাই । পৰৱৰ্তী সময়ত বোকাখাত নগৰৰ সত্য নাৰায়ণ মন্দিৰ সেৱা সদনত অনুষ্ঠিত হোৱা পাইপ যোগে ৰন্ধন গেছ যোগান  আঁচনিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰে মন্ত্ৰী গৰাকীয়ে । উদ্বোধনী অনুষ্ঠানত অসম গেছ কোম্পানী লিমিটেড অধ্যক্ষ তথা শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, অসম গেছ কোম্পানী লিমিটেডৰ স্বতন্ত্ৰ সঞ্চালক ধীৰেণ সন্দিকৈ, মুখ্য মহাপ্ৰৱন্ধক ( কাৰিকৰী ) ৰুবুল বৰা, গেছ প্ৰতিষ্ঠানটোৰ নগৰ গেছ বিতৰণ বিভাগৰ মুৰব্বী উৎপল দৈমাৰী, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, বি জে পি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনিমেষ শইকীয়া, অসম গন পৰিষদ দলৰ জেষ্ঠ সদস্য চন্দ্ৰ শৰ্মা উপস্থিত থাকে । 

উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি অসম গেছ কোম্পানী লিমিটেড স্বতন্ত্ৰ সঞ্চালক ধীৰেণ সন্দিকৈয়ে কয় যে ভাৰতৰ প্ৰকৃতিক গেছৰ ৬ শতাংশহে ব্যৱহাৰ হৈছে । জনসাধাৰণৰ সহযোগিতাইহে প্ৰাকৃতিক গেছৰ অধিক ব্যৱহাৰ নিশ্চিত কৰি দেশৰ অৰ্থনীতিৰ সম্প্ৰাসাৰণত সহায়ক কৰিব পাৰিব । গেছ প্ৰতিষ্ঠানটোৰ অধ্যক্ষ বলীন চেতিয়াই ১৯৬২ চনতে প্ৰতিষ্ঠা হোৱা অসম গেছ কোম্পানী লিমিটেডে আজি বোকাখাতত ১০০ জন উপভোক্তাৰ বাসগৃহত পাইপ যোগে ৰন্ধন গেছৰ যোগান দিয়া হ’ব বুলি ঘোষণা কৰাৰ লগতে অচিৰেই আৰু ২৫০০ উপভোক্তাৰ বাসগৃহত ৰন্ধন গেছ যোগান দিয়া হ’ব বুলিও জনায় । 

মুখ্য অতিথি হিচাবে মন্ত্ৰী অতুল বৰাই অসম গেছ কোম্পানী লিমিটেডৰ উত্তোৰণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক বলীন চেতিয়াৰ শলাগ লয় । বলীন চেতিয়াই অধ্যক্ষ হিচাবে দায়ীত্ব ভাৰ গ্ৰহনৰ সময়ত গেছ প্ৰতিষ্ঠানটোৰ উপভোক্তা ৫০ হেজাৰ আছিল যদিও আজি এই সংখ্যা ৭০ হেজাৰ হ’বলৈ গৈ আছে বুলি মন্তব্য কৰে । ৰন্ধন গেছৰ চিলিণ্ডাৰ সলনি নকৰাকৈ পৰিয়ালসমূহে অধিক সুবিধা লাভ কৰাৰ লগতে সংৰক্ষণৰ প্ৰয়োজনীয়তা হ্ৰাস আৰু পাকঘৰত সুৰক্ষা বৃদ্ধি কৰিব । বহনক্ষম আৰু পৰিৱেশ অনুকূল শক্তি সংৰক্ষণৰ প্ৰতিও এই পদক্ষেপে বিশেষ যোগাত্মক প্ৰভাৱ পেলাব বুলিও তেওঁ মন্তব্য কৰে । 

উল্লেখ্য যে আজি অসম গেছ কোম্পানী লিমিটেডৰ পাইপ যোগে ৰন্ধন গেছৰ যোগানৰ পদক্ষেপে বোকাখাতত ৰন্ধন গেছ আৰু ইয়াৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইল খুটা হিচাপে পৰিগণিত হৈছে ।

***********