বোকাখাতত বিশ্ব পশুচিকিৎসা দিৱসৰ লগতে বিনামুলীয়া জলাতংকৰ প্ৰতিষেধক প্ৰদান :

Aiidesh News  : 26 April - 2025 : 

সমগ্ৰ বিশ্বৰ লগতে বোকাখাতৰ পশু চিকিৎসালয়তো জিলা পশু চিকিৎসা বিভাগৰ উদ্যোগত বিশ্ব পশুচিকিৎসা দিৱস পালন কৰা হয় ৷ এই উপলক্ষে আজি পুৱা বোকাখাতৰ পশু চিকিৎসালয়ত বিনামুলীয়াকৈ জলাতংক ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হয় ৷ বোকাখাত ৰাজ্যিক পশু চিকিৎসালয়ৰ পশুচিকিৎসক ডা৹ ৰাজশ্ৰী ভুঞা আঁত ধৰা অনুষ্ঠানত পংকা পশু চিকিৎসালয়ৰ  ডা৹ যোগেশ্বৰ বৰি, কমাৰগাওঁ পশু চিকিৎসালয়ৰ ডা৹ ৰিশা বৰকটকী ‌, ডা৹ পম্পী দেউৰী, ডা৹ অনিন্দিতা শইকীয়া, ডা৹ শুভম সিং, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, ইমজাৰ উপ সভাপতি ৰাজীৱ বৰা, পশু চিকিৎসালয়ৰ ক্ষেত্ৰ সহায়ক আৰু চিকিৎসা কৰ্মী সকলো উপস্থিত থাকে ৷ অনুষ্ঠানত বোকাখাত অঞ্চলৰ পৰা অনা ১৫০ টাৰো অধিক পোহনীয়া কুকুৰক বিনামুলীয়া প্ৰতিষেধক প্ৰদান কৰা হয় ৷ পৰৱৰ্তী সময়ত জলাতংক প্ৰতিষেধক দিবলৈ অনা পোহনীয়া কুকুৰৰ অভিভাৱক সকলকলৈ এক বিশেষ সজাগতা সভাৰো আয়োজন কৰা হয় ৷ পশু পালন আৰু পশু চিকিৎসা বিজ্ঞান বিদ্যালয় প্ৰাংগনত আয়োজিত এই সজাগতা সভাত জলাতংক ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ লগতে বিশ্ব পশুচিকিৎসা দিৱসৰো আলোচনা কৰা হয় ৷

ইফালে বিশ্ব পশুচিকিৎসা দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা বোকাখাতৰ সাপজুৰি, বঙালী গাঁওত বোকাখাত আঞ্চলিক কৃত্রিম গো- প্রজনন কেন্দ্রৰ উদ্যোগত চবকা ৰোগৰ বিনামূলীয়া প্ৰতিষেধক প্রদান আৰু পশু-ধন স্বাস্থ্য শিৱিৰো অনুষ্ঠিত কৰা হয় । ডা৹ পম্পী দেউৰী, ডা৹ অনিন্দিতা শইকীয়া আৰু ডা৹ শুভম সিঙৰ নেতৃত্বত অনুষ্ঠিত এই শিৱিৰত তিনি শতাধিক পশুধনক চবকা ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হয় ৷ 

************