কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী বনাঞ্চলত পখিলা আৰু অৰ্কিড সংৰক্ষণৰ দুদিনীয়া কৰ্মশালাৰ : অৰ্কিড, পখিলা আৰু চৰাই পত্ৰিকা উন্মোচন :

Aiidesh News  : 19 April - 2025 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত ১৮ আৰু ১৯ এপ্ৰিলত দুদিনীয়াকৈ আয়োজন কৰা পখিলা আৰু অৰ্কিডৰ বিশেষ কৰ্মশালাৰ আজি সামৰণী পৰে ৷ কাজিৰঙাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত দুদিনীয়া এই কৰ্মশালাত বোকাখাত, কাজিৰঙা, গোলাঘাট,  কলিয়াবৰ, অৰুণাচল আৰু গুৱাহাটীৰ ৫৬ গৰাকী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু বনকৰ্মীয়ে অংশগ্ৰহন কৰে ৷ দুদিনীয়া এই কৰ্মশালাত প্ৰশিক্ষাৰ্থী সকলক পখিলা আৰু অৰ্কিডৰ চিনাক্তকৰণ আৰু সংৰক্ষণ সম্পৰ্কত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ 

কৰ্মশালাৰ প্ৰথম দিনা ১৮ এপ্ৰিলৰ পুৱা কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ দ্বাৰা প্ৰকাশিত অৰ্কিড, পখিলা, পানবাৰী সংৰক্ষিত বনাঞ্চল আৰু চৰাইৰ ওপৰত প্ৰকাশিত চাৰিখন পুস্তিকা উন্মোচন কৰা হয় ৷ কাজিৰঙাৰ অধীক্ষক গীতাঞ্জলি কলিতা আৰু পৰিবেশ কৰ্মী উত্তম শইকীয়াই আঁতধৰা এই অনুষ্ঠানত সঞ্চালক ড৹ সোনালী ঘোষৰ উপৰিও পখিলা বিশেষজ্ঞ ড৹ মনচুন জ্যোতি গগৈ, অৰ্কিডৰ বিশেষজ্ঞ ক্ষণজিত গগৈ,  পৰ্যটন কৰ্মী অভিজিত গগৈ, পখিলাৰ গৱেষক গৌৰৱ নন্দী দাস, প্ৰকৃতি সংগঠনৰ প্ৰতিনিধি, ৰাষ্ট্ৰীয় উদ্যানখনৰ কেউটা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া সকলৰ লগতে বনকৰ্মী আৰু ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহন কৰে ৷ অনুষ্ঠানত বিশ্ব ঐতিহ্য দিৱসো উদযাপন কৰা হয় ৷

পৰৱৰ্তী সময়ত অৰ্কিড বিশেষজ্ঞ ক্ষণজিত গগৈয়ে বিভিন্ন প্ৰকাৰৰ অৰ্কিড, অৰ্কিডৰ বিতৰণ, জলবায়ু আদিৰ উপৰিও কাজিৰঙাত পোৱা অৰ্কিডৰ ওপৰত সচিত্ৰ উপস্থাপন কৰি ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৷ একেদৰে ড৹ মনচুন জ্যোতি গগৈয়েও  বিভিন্ন প্ৰকাৰৰ পখিলা, পখিলাৰ আৱাস, জলবায়ু, সমস্যা আদিৰ বিষয়ত সচিত্ৰ উপস্থাপনেৰে ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে ৷ ইয়াৰ পিচতেই ছাত্ৰ ছাত্ৰী সকলক জীপচিৰে পানবাৰী সংৰক্ষিত বনাঞ্চলৰ ভিতৰলৈ লৈ যোৱা হয় ৷ সংৰক্ষিত বনাঞ্চলৰ মদাৰজুৰি বনশিৱিৰৰ এলেকাত ছাত্ৰ ছাত্ৰী সকলক বনাঞ্চল খনত পোৱা বিভিন্ন প্ৰজাতিৰ অৰ্কিড আৰু এই অৰ্কিড বোৰেৱ আশ্ৰয় লোৱা গছবোৰো দেখুৱা হয় ৷ 

ইফালেৱ আজি পুৱা কৰ্মশালাৰ দ্বিতীয় দিনৰ কাৰ্যসুচীত পানবাৰী সংৰক্ষিত বনাঞ্চলৰ সীমাৰে  কৰা এক বিশেষ পদযাত্ৰাৰে প্ৰশিক্ষাৰ্থী সকলক পখিলা, পখিলাৰ সংৰক্ষণ, পখিলাৰ আৱাস,  জীৱন চক্ৰ আদিৰ ক্ষেত্ৰ ভিত্তিক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ পখিলা বিশেষজ্ঞ ড৹ মনচুন জ্যোতি গগৈ আৰু চেক গনৰাজ্যত কৰ্মৰত পখিলা গৱেষক গৌৰৱ নন্দী দাসে এই পদযাত্ৰাত ছাত্ৰ ছাত্ৰী সকলক ক্ষেত্ৰ ভিত্তিক প্ৰশিক্ষন প্ৰদান কৰে ৷ ক্ষেত্ৰ অধ্যয়নৰ পিচতে আয়োজিত সামৰণী অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলক মানপত্ৰ প্ৰদান কৰা হয় ৷ সামৰণী অনুষ্ঠানত বোকাখাত চি এন বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত দত্ত, আয়কৰ বিভাগৰ আয়ুক্ত ময়ুৰ ম'ৰ আৰু পৰ্যটক কৰ্মী অভিজিত গগৈয়ে অংশগ্ৰহন কৰে ৷ 

*********