বোকাখাতৰ জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাক ‘নিৰন্তৰম সমুদ্ধৰ্ত্তা’ বঁটা প্ৰদান স্থানীয় ৯ টা সংগঠনৰ :
Aiidesh News : 7 January - 2026 :
অসম সত্র মহাসভাৰ বোকাখাত জিলা সমিতি, ডিফলুপৰীয়া শতদল শাখা সাহিত্য সভা, গ্রাছ, বোকাখাত শিল্পী সমাজ, সদৌ অসম গ্রাম্য পুথিভড়াল সন্থা, বোকাখাত মহকুমা সমিতি, গোলাঘাট জিলা কবি সন্মিলন, বোকাখাত মহকুমা ব্রাহ্মণ সমাজ, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, বোকাখাত শাখা, বোকাখাত মাৰোৱাৰী সমাজে বোকাখাতৰ জেষ্ঠ সাংবাদিক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত, বোকাখাত নাট্য মন্দিৰৰ সম্পাদক, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্ম্মা ৰাজখোৱাৰ ৬০ সংখ্যক জন্মদিন ৩ জানুৱাৰীত উদযাপন কৰে । জন্মদিনৰ অনুষ্ঠানতে বোকাখাতৰ নটা সংগঠন একত্ৰিত হৈ সাংবাদিক গৰাকীক "নিৰন্তৰম সমুদ্ধৰ্ত্তা” সন্মান প্রদান কৰে । অনুষ্ঠানত অসম সত্ৰ মহাসভা বোকাখাত জিলা সমিতিৰ সভাপতি প্ৰণব চন্দ্র দেৱ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে । জিতু শৰ্মা ৰাজখোৱাই জন্মদিনৰ কেক কটাৰ লগে লগে বোকাখাত শিল্পী সমাজৰ সহযোগত মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰা হয় । অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাব, বোকাখাত সম জিলা সাংবাদিক সম্বন্বয় মঞ্চই জিতু শৰ্ম্মা ৰাজখোৱাক ফুলাম গামোছা, মান পত্ৰ প্ৰদান কৰাৰ লগতে কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা, কাজিৰঙা নিউজ নেটৱৰ্ক বোকাখাত সম জিলা পালনাম সমিতি, বোকাখাত সম জিলা পালনাম আৰু ভাগবত পাঠ সমিতি,বাদুলিপাৰ আঞ্চলিক সাংবাদিক সংস্থা,ইমজা বোকাখাত, নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক কাজল শইকীয়া, ৰাতুল ৰাজখোৱা,বাবুলাল ম’ৰ, ৰঞ্জিত ৰজক, কমাৰগাঁও প্ৰেছ ক্লাৱ,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ অন্তৰ্গত গোলাঘাট জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতি, বোকাখাত মহকুমা ছাত্ৰ সন্থা, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা, অসম চাহ জনগোষ্ঠী সাহিত্য সভা,মাৰোৱাৰী মহিলা সমিতি, ভোজপুৰী মহিলা সমিতি, ভোজপুৰী পৰিষদ,আটছা, গোৰ্খা ছাত্ৰ সন্থা, সত্যনাৰায়ণ সেৱা সদন, আদিয়ে সম্বৰ্ধনা জনায় । বোকাখাতৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষে জিতু শৰ্ম্মা বাজখোৱাৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । জিতু শৰ্ম্মা বাজখোৱাই নিজৰ অনুভৱ ব্যক্ত কৰি তেখেতক “নিৰন্তৰম সমুদ্ধৰ্ত্তা ” উপাধি প্ৰদান কৰাত সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে । এই উপাধিয়ে আগন্তুক দিনত সমাজৰ হকে কাম কৰি যোৱাৰ অনুপ্ৰেৰণা যোগাব বুলি উল্লেখ কৰে । দিলীপ বৰা আৰু বুবুল দত্তই আঁত ধৰা অনুষ্ঠানত বোকাখাত শিল্পী সমাজৰ সভাপতি বিজয় শৰ্ম্মাৰ পৰিচালনাত সৌৰভ হাজৰিকা, নয়নতৰা গোস্বামী,মণিষা শৰ্ম্মা,অসীম বৰুৱা,ৰিন্তা পূজাৰী, বিকি ৰজক, ৰঞ্জিত ৰজক, চিত্ৰলেখা বৰা, কাকলি গোস্বামী, অনিতা কলিতা, যোগেন টাইড, চন্দ্ৰিকা কটকী, মন্টু শইকীয়া, দিলীপ শইকীয়া, সঞ্জীৱ ভট্ৰ, দেবু সিং ৰক্তিম ডেকা, দুলাল ডেকা আদিয়ে গীত পৰিৱেশন কৰে । অনুষ্ঠানত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা, প্ৰাক্তন বিধায়ক জিতেন গগৈ উপস্থিতহৈ জিতু শৰ্মা ৰাজখোৱাক শুভেচ্ছা জ্ঞাপন কৰে ।
**************







