প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তৰুণ গগৈ সমষ্টিত এতিয়া মাথো ব্যৰ্থতাৰ প্ৰতিচ্ছৱি

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তৰুণ গগৈ সমষ্টিত এতিয়া মাথো ব্যৰ্থতাৰ প্ৰতিচ্ছৱি
প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তৰুণ গগৈ সমষ্টিত

সমগ্ৰ দেশৰ ভিতৰতে এগৰাকী সক্ৰিয় ৰাজনৈতিক হিচাপে নিজৰ বাকপটুতাৰে বিভিন্ন সময়ত সৰৱ হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কিন্তু নিজৰ সমষ্টি উন্নয়ন, সমস্যা সমাধান আদিৰ ক্ষেত্ৰত একেবাৰে নিৰৱ। নিজৰ ৰাজনৈতিক জীৱনৰ কৰ্ষণস্থলী তিতাবৰ এতিয়া নানান সমস্যাৰে ভাৰাত্ৰান্ত। জনসাধাৰণে সমষ্টিৰ পৰা সদায় আতঁৰত থকা এই জনপ্ৰতিনিধিজনক প্ৰায় দেখা নাপায় নিজ সমষ্টিত। কিন্তু তিতাবৰ সমষ্টিৰ লোকসকলৰ কাষত দুৰ্যোগৰ সময়ত এতিয়া ঠিয় দিছে বহুজনে

তিতাবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰঙাজান পঞ্চায়তৰ ১নং মৰাণ গাঁৱত ১৫ বছৰে এখনি সৰু চালিৰ তলত বাস কৰি অহা - "পঞ্চায়তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা অথবা কোনো চৰকাৰী আঁচনি"য়ে ঢুকি নোপোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ গৃহ পঞ্চায়তৰ ঘন চাংমাইলৈ ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, উপ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ বদান্যতা  বিত্ত, স্বাস্থ্য, শিক্ষা, গড়কাপ্তানি মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই তিতাবৰত পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুযায়ী আজি তিতাবৰ বিধান সভা সমষ্টিৰ ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত পৰিষদৰ উপাধ্যক্ষ গোপীনাথ শইকীয়াই প্ৰতিনিধিত্ব কৰা ১০নং তামোলবাৰী সমষ্টিত বিভিন্ন গাঁৱৰ ১৮টা (গুৰুগৃহ নামঘৰ) কলা-কৃষ্টি বিকাশ কেন্দ্ৰ, শঙ্কৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰত ২লাখ টকাৰ পৰা ৩লাখ টকালৈকে ধাৰ্য কৰা প্ৰথম কৃষ্টিৰ ৫০%ধনৰ চেক বিতৰণ কৰে মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মাননীয় বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলাই দিয়া ধনৰ চেক্ বিতৰণী কাৰ্যসূচীত সহযোগিতা কৰে পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, কাৰ্যবাহী সদস্য বন্তি শইকীয়া, কাৰ্যবাহী সদস্য বিপুল কছাৰী, তিতাবৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰাজীৱ দত্ত, প্ৰাক্তন ৱাৰ্ড সদস্য পলাশজ্যোতি বৰা, জিলা প্ৰতিনিধি নিলোফাৰ ৰহমান, বিজেপি তিতাবৰ সমষ্টিৰ IT & SM Cellৰ তত্বাৱধায়ক শৰৎ কুমাৰ গগৈ, বিজেপি তিতাবৰ গ্ৰাম্য মণ্ডলৰ সভাপতি দিগন্ত হাজৰিকা, জনজাতি উন্নয়ন বৰ্ডৰ সদস্য ভাস্কৰ শইকীয়া, বিজেপি যুৱ মৰ্চাৰ মানৱজ্যোতি হাজৰিকা, মৃদুপৱন কলিতা, উত্তম শইকীয়া আৰু বিজেপিৰ কেইবাগৰাকী কাৰ্যকৰ্তাই। চেক্ বিতৰণী অনুষ্ঠানত লক্ ডাউনৰ সময়ত ৰাইজৰ মাজত মাক্সৰ ব্যৱহাৰ আৰু বিতৰণ, জনজাতি অধ্যুষিত অঞ্চলসমূহত গাহৰীৰ পৰা হব পৰা আফ্ৰিকান চ্যুৱাইন ফ্লুৰ সন্দৰ্ভতো সজাগতা সৃষ্টি কৰা হয়। পৰিষদৰ প্ৰতিনিধি আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সহযোগত বিতৰণ কৰা চেক্ বিতৰণী কাৰ্যসূচীক নামঘৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে শলাগ লৈ অসমৰ চৰকাৰৰ লগতে পৰিষদক কৃতজ্ঞতা জ্ঞাপন কৰিছে।