বোকাখাতত এন ডি এ প্ৰাৰ্থী অতুল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ :
Aiidrsh News : 5 April - 2026 :
বোকাখাত সমষ্টিৰ মিত্ৰজোঁট আৰু এন ডি এৰ প্ৰাৰ্থী অসম গন পৰিষদ দলৰ সভাপতি অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি সমষ্টিটোৰ বিহৰা চাহ বাগিচাৰ কুহিয়াৰবাৰীত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতা তথা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান । বোকাখাত সমষ্টিত অনুষ্ঠিত এন ডি এ-ৰ এই বিজয় সংকল্প সমাৰোহ নামৰ নিৰ্বাচনী সভাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ উপৰিও বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, কাজিৰঙা সংসদীয় সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ উপৰিএ বিজেপি,অগপ আৰু সন্মিলিত গন শক্তিৰ নেতৃবৃন্দ আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে । নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিবলৈ অহা কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে অতুল বৰাৰ সৈতে চাহ বাগিচাৰ মাজত মহিলা শ্ৰমিকৰ সৈতে চাহ পাতো তোলে । নিজৰ ভাষণ প্ৰসংগত মা কামাখ্যা, এটি কলি দুটি পাত আৰু বোকাখাতৰ পেৰাৰ কথাও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । শতাধিক বৰ্ষ অসমৰ চাহ বাগিছাত কাম কৰি ভুমিৰ অধিকাৰৰ পৰা বঞ্চিত চাহ শ্ৰমিকক ভুমিৰ পট্টা দিয়াৰ বাবে নৰেন্দ্ৰ মোডী আৰু হিমন্তবিশ্ব শৰ্মাক ধন্যবাদো জনায় শিৱৰাজ সিং চৌহানে । ভাষণতে জয় আই অসম কংগ্ৰেছ খটম ধ্বনিও দিয়ে বিজেপি নেতা গৰাকীয়ে ।
অনুষ্ঠানত অতুল বৰাই বোকাখাতৰ সৰ্বাংগীণ উন্নয়নৰ দ্ৰুত ধাৰা অব্যাহত ৰাখিবলৈ সমাগত বিধানসভা নিৰ্বাচনত বোকাখাতবাসী ৰাইজৰ আশীৰ্বাদ আন্তৰিকতাৰে কামনা কৰিছোঁ বুলি মন্তব্য কৰি কেৱল এন ডি এ চৰকাৰেহে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ বাবে সুশাসন, সামগ্ৰিক উন্নয়ন আৰু সম-সুযোগ সুনিশ্চিত কৰিব পাৰিব বুলি মন্তব্য কৰে ।
**********



