সুধা কন্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু তিথিত বোকাখাত জাতীয় বিদ্যালয়ত 'গীত-মাতৰ আবেলি :
Aiidesh News : 7 November - 2024 :
সুধাকন্ঠ ড⁰ ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি বোকাখাত জাতীয় বিদ্যালয়ৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান 'গীত মাতৰ আবেলি' শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিগত বৰ্ষবোৰৰ সাংস্কৃতিক ধাৰাবাহিকতা অব্যাহত ৰাখি চলিত বৰ্ষতো গীত মাতৰ আবেলি উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰে গণ সংগীতকে ধৰি জনগোষ্ঠীয় নৃত্যৰ পৰা চিৰ সেউজ অসমীয়া গীত-মাত, ভায়লীন বাদন, তবলা বাদন, লোকবাদ্য বাদন, মূকাভিনয়, নৃত্যালেখ্য, একাংকিকা নাট, আবৃত্তিলৈকে ভালেমান মননশীল কাৰ্যসূচী ।
গীত মাতৰ আবেলি অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক সপোন জ্যোতি ঠাকুৰে ৷ শুভেচ্ছামূলক ভাষণ আগবঢ়াই লেখিকা নিজৰা বৰঠাকুৰে । উদ্বোধনী অনুষ্ঠানটোতে বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী 'ৰদালী' উন্মোচন কৰা হয় ৷ উন্মোচন কৰে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোপিকানন্দ শইকীয়াই লগতে ছাত্ৰাবাসৰ পৰা প্ৰকাশিত হাতেলিখা আলোচনী 'যাত্ৰা' উন্মোচন কৰে স্থানীয় চি এন বি মহাবিদ্যালয়ৰ উদ্ভিদ বিদ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তুলসী বৰাই । উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক নিজৰা বৰঠাকুৰ, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অভিনেতা, নাট্যকাৰ অমৰ কাকতি, মনো বৰা, তবলা বাদক বীৰেন দাস, ভায়লীন বাদক প্ৰদীপ বৰুৱা, সত্ৰীয়া নৃত্যৰ গুৰু নীৰেন কাকতি, লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য, সাহিত্যিক কল্পনা চেতিয়া, পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতা, কবি মিনতি দলে, মৃদুস্মিতা শৰ্মা, সাংস্কৃতিক কৰ্মী অসীম বৰুৱা, আব্দুৰ ৰাজ্জাক, দীপক শৰ্মা, বৰগীত শিল্পী ৰিজুমণি বৰা হাজৰিকা, নাট্যকৰ্মী সত্যেন শইকীয়া, সংগীত শিল্পী ড⁰ বৰ্নালী বৰুৱা, নিলোৎপল গায়ন, ভিডিঅ' সম্পাদক অনুপম বৰদলৈকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।
বিদ্যালখনৰ অধ্যক্ষ ইনজু আহমেদে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ভাৰত-ছোভিয়েট মৈত্ৰী বঁটা প্ৰাপক জনসুহৃদ চিদানন্দ শইকীয়া স্মাৰক বৃত্তি (২০২৩-২৪শিক্ষাবৰ্ষ) বিদ্যালয়ৰ জৈষ্ণৱ চৌখাম আৰু অভ্ৰনীলা শ্ৰাৱণীক, বিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰ বঁটা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা মেনকা পাটগিৰিক আৰু শ্ৰেষ্ঠ উপস্থিতিৰ বঁটা অংশুমান হাজৰিকাক প্ৰদান কৰা হয় । অনুষ্ঠানত জাতীয় বিদ্যালয়ৰ শীৰ্ষ গীত পৰিৱেশণ কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰমঞ্চই ।
শিক্ষয়িত্ৰী ঈপ্সিতা দত্ত আৰু শিক্ষক ৰাজু কাথাৰে আঁত ধৰা আদৰণি অনুষ্ঠানৰ পাছতেই বাকী অনুষ্ঠানসমূহ পৰিচালনা কৰে ক্ৰমে অনুসূয়া ফুকন,বিৰিণা নৰহ,অৰ্পিতা শৰ্মা, দীক্ষিতা দীক্ষিত, মিগম মিলি, ইমন কল্যাণ, সুকন্যা নাথ, চয়নিকা বৰা, নিৰিবিলি ভৰালী, ডঁৰিয়লি হাজৰিকা, প্ৰিয়াক্ষী বৰা আৰু বাসৱ হাজৰিকাই । অনুষ্ঠানত সত্ৰীয়া নৃত্য গুৰু নীৰেন কাকতিৰ সত্ৰীয়া নৃত্য সংৰচনা, বিদ্যালয়খনৰ শ্ৰেষ্ঠ গায়িকা ইমন কল্যাণে পৰিৱেশন কৰা কেশৱ মহন্তৰ গীত আৰু ৰাতুল ফুকনৰ পৰিচালনাৰে সপোন জ্যোতি ঠাকুৰ ৰচিত 'এদিন ঘৰত অকলে' শীৰ্ষক নাটকখনিয়ে গীত মাতৰ আবেলি অনুষ্ঠানৰ সৌষ্ঠব্য বৃদ্ধি কৰে । অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই বোকাখাত জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইনজু আহমেদে ।
**********