বোকাখাতৰ বৰভেটাত নৃশংস হত্যাকাণ্ড: স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ :

বোকাখাতৰ বৰভেটাত নৃশংস হত্যাকাণ্ড:  স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ  :
Aiidesh Photo

বোকাখাতৰ বৰভেটা গাওঁত নৃশংস হত্যাকাণ্ড :  স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ  :

Aiidesh News  : 12 July  :

বোকাখাতৰ বৰভেটাত নৃশংস হত্যাকাণ্ড সংঘৰ্টিত ৷ স্বামীৰ হাতত প্ৰাণ গ'ল দুটি সন্তানৰ মাতৃ সুমন মুণ্ডাৰ ৷ পাৰিবাৰিক কণ্ডলৰ বাবেই নিজৰ ককায়েক বৰভেটা গাওঁৰ বাবুলু মুণ্ডাৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাতে স্বামী সঞ্জয় মুণ্ডাই ডিঙি কাটি হত্যা কৰে নিজৰ পত্নী সুমন মুণ্ডাক ৷

বোকাখাত মহকুমাৰ বৰভেটা গাওঁত সংঘৰ্টিত এই বৰ্বৰ হত্যা কাণ্ডত স্বামীৰ দা ঘাপত ঘটনাস্থলীতে নিহত হয় সুমন মুণ্ডাৰ ৷ ঘটনাৰ পিচতেই হত্যাকাৰী সঞ্জয় মুণ্ডাক কৰায়ত্ব কৰিছে বোকাখাত আৰক্ষীয়ে ৷ আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিৰ মতে পৰ পুৰুষৰ লগত সম্পৰ্ক থকাৰ সন্দেহতেই সঞ্জয় মুণ্ডাই হত্যা কৰে পত্নীক ৷ পত্নী হত্যাৰ এই নৃশংস ঘটনাই জোকাৰি গৈছে সমগ্ৰ বৰভেটা অঞ্চলক ৷৷

********