কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষৰ সামৰণী : প্ৰতিকুল পৰিস্থিতিত হ্ৰাস পালে ৰাজহ সংগ্ৰহ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষৰ সামৰণী : প্ৰতিকুল পৰিস্থিতিত হ্ৰাস পালে ৰাজহ সংগ্ৰহ  :
Photo : Uttam Saikia

AIIDESH NEWS : 27 April : 

কভিড ১৯ ৰ বিশ্ব জুৰি অগ্ৰাসন আৰু লক ডাইনৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চলিত পৰ্যটন বৰ্যৰ সামৰণী পৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে দিয়া এক বিভাগীয় সমীক্ষা মতে ২০১৯ - ২০ পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে মুঠ ৪,৭৫,৮৩,৪৯১ টকাৰ ৰাজহ সংগ্ৰহ কৰে ৷ বিগত বৰ্ষৰ অক্টোবৰ মাহত আৰম্ভ হোৱা চলিত পৰ্যটন বৰ্ষৰ আৰম্ভণিতে পৰ্যটকৰ আগমনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি  উদ্যান কৰ্তৃপক্ষই ৭ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ কৰা লক্ষ্য স্থিৰ কৰিছিল ৷ কিন্তু পৰ্যটন বৰ্ষৰ আৰম্ভনীতেই দেশ জুৰি হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধি আন্দোলন আৰু পৰৱৰ্তী সময়ত কভিড ১৯ ৰ বিশ্ব জোৰা অগ্ৰাসনৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনে ৪.৭৫,৮৩,৪৯১ টকাৰ  ৰাজহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ কাজিৰঙাৰ সঞ্চালক গৰাকীয়ে জনোৱা মতে চলিত বৰ্ষত কাজিৰঙালৈ মুঠ ১,৬৫,৭৪৯ গৰাকী দৰ্শনাৰ্থী আহিছিল ৷ ইয়াৰে বিদেশী দৰ্শনাৰ্থী আছিল ১১,৩৯২ গৰাকী আৰু দেশীয় দৰ্শনাৰ্থী আছিল ১,৫৪,৩৫৭ গৰাকী ৷ উল্লেখ্য যে চলিত পৰ্যটন বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰ মাহলৈকে কাজিৰঙাত দেশী বিদেশী পৰ্যটকৰ আগমন বিগত বৰ্ষৰ তুলনাত যথেষ্ট বেছি আছিল ৷ ইয়াৰ বাবে পৰ্যটকৰ সংখ্যাই দুই লাখ অতিক্ৰম কৰিব বুলি ধাৰণা কৰিছিল উদ্যান কৰ্তৃপক্ষই ৷ মন কৰিব লগীয়া যে যোৱা ২০১৮ - ১৯ পৰ্যটন বৰ্ষত কাজিৰঙালৈ মুঠ ১,৭৬,১৮১ গৰাকী দৰ্শনাৰ্থী আহিছিল ৷ ইয়াৰে ৭,৪৪৩ গৰাকী আছিল বিদেশী আৰু ১,৬৮,৭৩৮ গৰাকী আছিল দেশীয় দৰ্শনাৰ্থী ৷ সাম্প্ৰতিক পৰিস্থিতৰ বাবেই চলিত পৰ্যটন বৰ্ষত কাজিৰঙাই ২০১৮-১৯  পৰ্যটন বৰ্ষৰ তুলনাত ৬,৫৮  লাখ টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে ৷ ইয়াৰ বিপৰীতে ২০২০-২১ বিত্তীয় বৰ্ষৰ আৰম্ভণিতে এপ্ৰিল মাহত শূন্য ৰাজহ সংগ্ৰহেৰে ২০২০-২১ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ এক নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে  ৷