বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসলৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা :
Aiidesh News : 4 December - 2024 :
আজি বোকাখাত নাট্য মন্দিৰত অসমৰ সৰ্ববৃহৎ মহিলা জাতীয় অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয় । সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈয়ে জনায় যে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত বোকাখাত শাখা সন্ধানী লেখিকা সমাৰোহ সমিতিৰ আতিথ্যত আৰু বোকাখাত নাট্যমন্দিৰৰ সহযোগত শিল্পী আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্রদান অনুষ্ঠানটি অহা ১৭ ডিচেম্বৰ তাৰিখে বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হ'ব ।
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উদ্যোত ২০০৩ বৰ্ষৰ পৰা প্ৰথম অসমীয়া কথাছবি 'জয়মতী'ৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ নামত অসমৰ স্বনামধন্য একোগৰাকীকৈ মহিলা শিল্পীক আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্রদান কৰি আহিছে । চলিত বৰ্ষত আইদেউ সন্দিকৈৰ একবিংশতিত্বম মৃত্যু তিথিত অহা ১৭ ডিচেম্বৰত বোকাখাতত এই বঁটা আন্তঃ ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী, অসম গৌৰৱ তথা নলবাৰীৰ জীয়ৰী, ৰাষ্ট্ৰীয় শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা প্ৰাপক 'বেণ্ডিত কুইন' খ্যাত সীমা বিশ্বাসক প্ৰদান কৰা হ'ব বুলি আজিৰ সংবাদ মেলত ঘোষণা কৰে । ১৭ ডিচেম্বৰত আইদেউ সন্দিকৈ বঁটা প্ৰদান অনুষ্ঠানত চত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই মুখ্য অতিথি হিচাবে অংশগ্ৰহন কৰাৰ উপৰিও গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সৰ্বসাচী মহন্ত আৰু বিশিষ্ট লিখিকাল ড৹ মৃনালিনী দেৱী, লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড৹ স্বৰ্ণ বৰুৱা গগৈ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড৹ সোনালী ঘোষ আদি বিশিষ্ট লোক সকলে আমন্ত্ৰিত অতিথি হিচাবে অংশগ্ৰহন কৰিব বুলিও আজিৰ সংবাদ মেলত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভাপতি সুৱৰ্ণ শইকীয়া বৰদলৈয়ে প্ৰকাশ কৰে ৷
***********