গোলাঘাটৰ মিৰি পথাৰৰ পৰা উদ্ধাৰ হোৱা মাতৃহাৰা হাতী পোৱালীতো এতিয়া সুস্থ : 'শদিয়া'ৰ সৈতে গঢ়ি উঠিছে বন্ধুত্ব :

গোলাঘাটৰ মিৰি পথাৰৰ পৰা উদ্ধাৰ হোৱা  মাতৃহাৰা হাতী পোৱালীতো এতিয়া সুস্থ  :   'শদিয়া'ৰ সৈতে গঢ়ি উঠিছে বন্ধুত্ব  :
Aiidesh photo

Aiidesh News  : 2 November  : 

গোলাঘাটৰ মিৰি পথাৰৰ পৰা উদ্ধাৰ হোৱ কনমানি হাতী পোৱালীটো এতিয়া সুস্থ হৈ উঠিছে ৷ মাকক হেৰুৱালেও ঘাত মাউৰা কনমানি পোৱালীটোয়ে যেন বিচাৰি পাইছে কৰুণাময় এক আশ্ৰয় ৷ বিচাৰি পাইছে শদিয়া নামৰ আন এক সংগীক ৷ 

যোৱা ২৪ অক্টোবৰত গোলাঘাট জিলাৰ ধলা গাওঁত বিদ্যুতপৃষ্ঠ হৈ এজনী পোৱালী থকা হাতীৰ মৃত্যু হৈছিল ৷ মাকৰ মৃত্যুৰ পিচত হাতীৰ পোৱালীটোক ঘটনাস্থলীৰ আশে পাশে বিচাৰি পোৱা নাছিল বনকৰ্মীৰ দলে ৷ স্থানীয় লোকৰ মতে মাকৰ মৃত্যুৰ পিচতেই হাতীৰ জাকৰ সৈতে আঁতৰি গৈছিল হাতীৰ পোৱালীটো ৷ অৱশ্যে ঘটনাৰ চাৰিদিনৰ পিচত ধলা গাওঁৰ সমীপৰ মিৰি পথাৰ এলেকাত মাতৃহাৰা তিনিমহীয়া হাতী পোৱালীটোক প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ মাতৃৰ দুগ্ধৰ পৰা বঞ্চিত হৈ মুৰ্মুষ অৱস্থাত  থকা পোৱালীটোক অৱশেষত গোলাঘাটৰ বন বিভাগে উদ্ধাৰ কৰি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷ 

বিদ্যুতপৃষ্ঠ হৈ মাতৃৰ মৃত্যু ঘটনাত মৰোনোত্তৰ পৰীক্ষাৰ বাবে ঘটনাস্থলীলৈ যোৱা কেন্দ্ৰটোৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীৰ মতে মাকৰ মৃত্যুৰ পিচত তিনি মহীয়া পোৱালীটোয়ে জাকৰ সৈতে যাব পৰা নাছিল আৰু মিৰি পথাৰ এলেকাতে জাকৰ পৰা বিচিন্ন হৈ পৰিছিল ৷

উদ্ধাৰ কৰি অনাৰ পিচত সম্প্ৰতি চিকিৎসা আৰু প্ৰতিপালনেৰে মাতৃহাৰা এই হাতী পোৱালীটোয়ে ১০০ ঘন্টা অতিক্ৰম কৰি সম্পুৰ্ণ স্বাভাৱিক হৈ পৰিছে ৷ কেন্দ্ৰটোত থকা আন ৬ টা হাতী পোৱালী লগতে একে বয়সৰ শদিয়া নামৰ আন এটা হাতী পোৱালীৰ সৈতেও গঢ়ি উঠিছে তাৰ বন্ধুত্ব ৷ পাহৰি পেলাইছে মাকক হেৰুৱাৰ বেদনা ৷ পশু চিকিৎসকৰ মতে এতিয়া সম্পুৰ্ণ সুস্থ মাতৃহাৰা হাতী পোৱালীটো ৷

**********