অসম ক্ৰীড়া আয়োগৰ নতুন সমিতি : বোকাখাতৰ যুৱ নেতা আকাশ ফুকনক ক্ৰীড়া আয়োগৰ উপ-সভাপতি হিচাবে মনোনিত :

অসম ক্ৰীড়া আয়োগৰ নতুন সমিতি : বোকাখাতৰ যুৱ নেতা আকাশ ফুকনক ক্ৰীড়া আয়োগৰ উপ-সভাপতি  হিচাবে মনোনিত :
Aiidesh Photo

অসম ক্ৰীড়া আয়োগৰ নতুন সমিতি :  বোকাখাতৰ যুৱ নেতা আকাশ ফুকনক ক্ৰীড়া আয়োগৰ উপ-সভাপতি  হিচাবে মনোনিত :

Aiidesh News  :  15 JULY : 

বোকাখাতৰ জনপ্ৰিয় যুৱ নেতা আকাশ ফুকনক ক্ৰীড়া আয়োগ অসমৰ উপ সভাপতি নিযুক্তি দিয়া হৈছে ৷ ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আকাশ ফুকন বোকাখাতৰ এজন জনপ্ৰিয় যুৱ নেতা ৷ বোকাখাতৰ আৰ্তজনৰ কাষত বা দুৰ্গত লোকৰ বাবে আকাশ ফুকন এটা চিনাকী নাম ৷ বিপদৰ বন্ধু ৷ আকাশ ফুকনক অসম ক্ৰীড়া আয়োগৰ উপ সভাপতি হিচাবে নিযুক্তি দিয়াত উৎফুল্লিত হৈ বোকাখাতৰ জনসাধাৰণ ৷

অসমৰ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দ্ৰৰ সিঙে আজি জাৰি কৰা  SYW.124/2020/32 নম্বৰৰ নিৰ্দেশানুজাৰি অসমৰ মুখ্যমন্ত্ৰীক সভাপতি আৰু আকাশ ফুকনক উপ সভাপতি হিচাবে লৈ নজন সদস্যৰে অসম ক্ৰীড়া আয়োগ গঠন কৰিছে ৷ ২০২১ চনৰ ২০ ডিচেম্বৰত দায়ীত্ব প্ৰদান কৰা পুৰ্বৰ সমিতিক বাতিল কৰি আজি জাৰি কৰা নিৰ্দেশমতে গঠিত হোৱা নতুন সমিতিত দিচপুৰ সমষ্টি ,গুৱাহাটী পুৱ সমষ্টি, গুৱাহাটী পশ্চিম সমষ্টি আৰু পলাশবাৰী সমষ্টিৰ বিধায়কৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ জেষ্ঠ সচিব, অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক আৰু ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ সঞ্চালকক আয়োগৰ সদস্য হিচাবে নিৰ্দেশত মনোনিত কৰা হৈছে ৷ 

অসম ক্ৰীড়া আয়োগৰ উপ সভাপতি হিচাবে মনোনিত হোৱাৰ বাবে আকাশ ফুকনক বোকাখাত প্ৰেছ ক্লাব,  বোকাখাত মহকুমা সাংবাদিক সন্থা,  বোকাখাত জিলা বডি বিল্ডিং এছ'চিয়েচন,  বোকাখাত জিলা এমেচাৰ বক্সিং এছ'চিয়েচনকে ধৰি বহু দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে ৷

******