মজুৰী বৃদ্ধিৰ দাবীত বোকাখাতৰ নুমলীগড় চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ :

মজুৰী বৃদ্ধিৰ দাবীত বোকাখাতৰ  নুমলীগড় চাহ বাগিছাত শ্ৰমিকৰ  প্ৰতিবাদ :
Photo : Uttam Saikia
মজুৰী বৃদ্ধিৰ দাবীত বোকাখাতৰ  নুমলীগড় চাহ বাগিছাত শ্ৰমিকৰ  প্ৰতিবাদ :

 মজুৰী বৃদ্ধিৰ দাবীত বোকাখাতৰ  নুমলীগড় চাহ বাগিছাত শ্ৰমিকৰ প্ৰতিবাদ :

AIIDESH NEWS. 30 September  : 

ৰাজ্যৰ চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত মঙ্গলবাৰৰ দিনা বোকাখাত মহকুমাৰ নুমলীগড় চাহ বাগিছাত চাহ শ্ৰমিক সকলে দুঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে ৷ যোৰহাট টি কোম্পানীৰ নুমলীগড় আৰু লখৌজান চাহ বাগিছাৰ চাহ মজদুৰ সংঘৰ বিষয় ববীয়াৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদী কাৰ্যসুচীত শতাধিক শ্ৰমিকে অংশ গ্ৰহন কৰে ৷ চাহ শ্ৰমিকৰ মজুৰী ৩৫১ টকালৈ বৃদ্ধিৰ দাবীত প্ৰতিবাদী শ্ৰমিকে নুমলীগড় চাহ বাগিছাৰ ৩৯ নং ৰাষ্ট্ৰীয় পথ উত্তাল কৰি তোলে ৷ অসম চৰকাৰ হায় হায় , বিজেপি চৰকাৰৰ কাম নাই আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসুচীত চাহ মজদুৰ সংঘৰ নুমলীগড় শাখাৰ সভাপতি  মনোজ তাঁতী , সম্পাদক নাথু দুচাদ আৰু লখৌজান চাহ বাগিছাৰ উপ  সভাপতি প্ৰভাত নাহক আৰু সম্পাদক  লচমন বাউৰী উপস্থিত থাকে ৷ প্ৰতিবাদী কাৰ্যসুচীৰ শেষত প্ৰতিবাদকাৰী শ্ৰমিক সকলে স্মাৰক পত্ৰও প্ৰদান কৰে ৷