অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে- মাতৃৰ অভিযোগ

অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে- মাতৃৰ  অভিযোগ
মাতৃৰ অভিযোগ

অখিল গগৈৰ ওপৰত ইটোৰ পিচত সিটো গোচৰ জাপি দি বন্দী কৰি ৰখা কাৰ্যত হতাশ হৈ পৰিছে অখিল গগৈৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈ। বুধবাৰে অখিল গগৈক এন আই এই জেৰাৰ বাবে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ নিয়াৰ বাতৰি লাভ কৰি পুত্ৰৰ মুক্তিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থকা অখিল গগৈৰ মাতৃয়ে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।

মৰিয়নীৰ চেলেংহাট লুসুৰাসনস্থিত কৃষক নেতাগৰাকীৰ বাসভৱনত মাতৃ প্ৰিয়দা গগৈয়ে সাংবাদিকৰ আগত কয় যে অখিল গগৈয়ে অসমৰ ৰাইজৰ বাবে মাত মতাৰ বাবেই চৰকাৰে তেওঁক বন্দী কৰি ৰাখিছে। কিন্ত হৃদৰোগৰ লগতে চকুৰ চানি পৰা ৰোগত গুৰুত্বৰভাৱে আক্ৰান্ত এগৰাকী মাতৃৰ মৰ্মবেদনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুধাৱন কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে প্ৰিয়দা গগৈয়ে।

এইগৰাকী মাতৃৰ গভীৰ প্ৰত্যাশা আছিল পুত্ৰ অখিল গগৈয়ে মুক্তি পালে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে চকুৰ দৃষ্টিশক্তি ঘূৰাই অনাৰ বাবে অস্ত্ৰোপচাৰৰ বাবে চিকিৎসালয়লৈ নিলেহেঁতেন। কিন্ত সেয়া সম্ভৱ হৈ নুঠিল অখিল গগৈৰ বন্দিত্বৰ বাবে। ইপিনে ৰাজ্য চৰকাৰক এগৰাকী বৃদ্ধা মাতৃৰ কাতৰ আহ্বানক সঁহাৰি জনাই পুনৰবাৰ অখিল গগৈৰ মুক্তিৰ আহ্বান জনায় প্ৰিয়দা গগৈয়ে। অখিল গগৈৰ মাতৃয়ে লগতে কয় যে কোৰোণা সংক্ৰমণৰ বাবে লকডাউন চলি থকাৰ মাজতে অখিল গগৈক জেৰাৰ নামত ইফালৰ পৰা সিফালে নি চৰকাৰখনে মোৰ পুত্ৰক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে।