ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ ভাৰতত প্ৰলয়ংকৰী জলপ্ৰলয় হিমাচল প্ৰদেশতে ৮০ জনৰ মৃত্য়ু : ১২৯৯ টা পথৰ যাতায়ত ক্ষতিগ্ৰস্থ : টচনচ জনজীৱন :

ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ ভাৰতত প্ৰলয়ংকৰী জলপ্ৰলয় হিমাচল প্ৰদেশতে ৮০ জনৰ মৃত্য়ু : ১২৯৯ টা পথৰ যাতায়ত ক্ষতিগ্ৰস্থ : টচনচ জনজীৱন :

ধাৰাষাৰ বৰষুণৰ বাবে উত্তৰ ভাৰতত প্ৰলয়ংকৰী জলপ্ৰলয় : হিমাচল প্ৰদেশতে ৮০ জনৰ মৃত্য়ু : ১২৯৯ টা পথৰ যাতায়ত ক্ষতিগ্ৰস্থ : টচনচ জনজীৱন :

Aiides News : 12 July 2023 :

উত্তৰ ভাৰতৰ হিমালয় পাদদেশত হোৱা প্ৰলয়ংকৰী প্ৰাকৃতিক দুৰ্যোগে জোকাৰি গৈছে সমগ্ৰ বিশ্বক ৷ পৃথিবীত মানুহৰ অবিবেচক কাৰ্যৰ বাবে হোৱা জলবায়ুৰ পৰিবৰ্তনৰ ফলত এনে দুৰ্যোগৰ সন্মুখীন হ'ব লগা হৈছে পৃথিবী বাসী ৷ অকল ভাৰতেই নহয় বিশ্বৰ বিভিন্ন দেশ এনে দুৰ্যোগৰ সন্মুখীন হৈছে ৷ আগন্তুক দিনত এই দুৰ্যোগ ইয়াতকৈও ভয়াবহ হ'ব পাৰে বুলি সকিয়াই দিছে গৱেষক সকলে ৷

শেষতীয়াকৈ উত্তৰ ভাৰতত হোৱা প্ৰলয়ংকাৰী দুৰ্যোগে টচনচ কৰি গৈছে জন জীৱন ৷ মানুহৰ অহংকাৰ ৷ এই দুৰ্যোগত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে হিমাচল প্ৰদেশ ৷ হিমাচল প্ৰদেশৰ প্ৰশাসনৰ পৰা পোৱা তথ্যমতে ৰাজ্যখনত হোৱা প্ৰলয়ংকৰী জলপ্ৰলয় আৰু পাহাৰ খহাৰ বাবে ৩১ জন লোকৰ মৃত্যু আৰু ৪০ খন দলং ধ্বংস হোৱাৰ ফলতে ১৩০০ পথবন্ধ হৈ পৰিছে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে হেলিকপ্তাৰেৰে ভ্ৰমন কৰি পি টি আইক জনোৱা মতে ৰাজ্যখনৰ কাচল, মানিকৰণ, ক্ষীৰগংগা আৰু পালগা অঞ্চলত বিস্তৰ ক্ষতি হৈছে ৷  অকল কুলুৰ সৈঞ্জ অঞ্চলতে ৪০ খলকৈ দোকান আৰু ৩০ টা বাসগৃহ প্ৰলয়ংকৰী বানে উটুৱাই নিছে । 

ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান সতৱান্ত আতৱালৰ মতে বিগত তিনিটা দিনৰ প্ৰলয়ত ৩১ গৰাকী লোকৰ মৃত্যু হৈছে । বিষয়া গৰাকীৰ মতে ৰাজ্যখনলৈ অহা মুঠ ২৫০ গৰাকী পৰ্যটক লাহৌল আৰু স্পিতি জিলাৰ চন্দ্ৰেৰতালত আৰু ৩০০ গৰাকী পৰ্যটক মাণ্ডি জিলাৰ চিচু নামৰ স্থানত সম্প্ৰতি আৱদ্ধ হৈ আছে । এই সকল পৰ্যটকক ভাৰতীয় বায়ু সেনাৰ হেলিকপ্তাৰে উদ্ধাৰৰ চেষ্টা কৰা হৈছে যদিও প্ৰতিকুল বতৰৰ বাবে এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই । মঙ্গল বাৰৰ দিনা বৰষুন পৰিমান সাময়িক ভাৱে কম হোৱাত ক্ষতিগ্ৰস্ত অঞ্চলবোৰত উদ্ধাৰ আৰু পথ মেৰামতিৰ কাম আংশিক ভাৱে কৰা হৈছে বুলিও বিষয়া গৰাকীয়ে জনাইছে ৷ 

হিমাচল প্ৰদেশৰ কৰ্তৃপক্ষই জনোৱা মতে চাক্কিমুৰ অঞ্চলত হোৱা পাহাৰ খহা ঘটনাৰ ফলত যাতায়তৰ বাবে বন্ধ হৈ পৰা চিমলা কালকা হাইৱে সম্প্ৰতি যাতায়তৰ বাবে খুলিব পৰা হৈছে যদিও বহু বাহন এতিয়াও আৱদ্ধ হৈ আছে ৷ পাহাৰৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা ১০০ জন লোক সোমবাৰৰ দিনা উদ্ধাৰ কৰা হৈছে ৷ প্ৰশাসনৰ মতে এতিয়াও ৮০০ অধিক লোক লাহৌল আৰু মাণ্ডি জিলাৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ আছে ৷ 

ৰাজ্যখনৰ দুৰ্যোগ প্ৰশমন কেন্দ্ৰই দিয়া তথ্য মতে ৰাজ্যখনৰ এই প্ৰাকৃতিক দুৰ্যোগত প্ৰায় ১০৫০ কোটি টকাৰ লোকচান হৈছে ৷ অৱশ্য ক্ষয় খতিৰ তথ্য আহিয়েই আছে ৷ যাৰ বাবে এই ক্ষতিৰ পৰিমান ৩ - ৪ হেজাৰ কোটি হোৱাৰ সম্ভাৱনা আছে ৷ প্ৰাপ্য তথ্য মতে ৰাজ্যখনৰ চণ্ডিগড় মানালি ৰাষ্ট্ৰীয় পথৰ লগতে ১২৯৯ টা পথ যাতায়তৰ বাবে সম্পুৰ্ণ বন্ধ হৈ পৰিছে ৷ ৩৭৩৭ পানী যোগান আঁচনিও ক্ষতিগ্ৰস্ত হোৱা বুলি কেন্দ্ৰটোৰ তৰফৰ পৰা জনাইছে ৷ বিভাগটোৰ মতে এতিয়ালৈকে ৮০ গৰাকী লোকৰ মৃত্যুৰ তথ্য পোৱা গৈছে ৷ ইয়াৰে ২৪ গৰাকী লোকৰ পথ দুৰ্ঘটনাত, পাহাৰ খহি ২১ গৰাকীৰ, পাহাৰৰ পৰা পৰি ১২ গৰাকী, পানীত ডুবি ৭ গৰাকী,  বানত উটি মৃত্যুক সৱতি লোৱা ৫, বিদ্যুতপৃষ্ঠ হৈ ৪ গৰাকীৰ, সাপে খুটি মৰা ২ গৰাকী আৰু অনান্য কাৰণত ৫ গৰাকী লোকৰ মত্যুৰ তথ্য পোৱা গৈছে ৷ 

একেদৰে ৭৯ টা বাসগৃহ সম্পুৰ্ণ ৰূপে আৰু ৩৩৩ টা বাসগৃহ আংশিক ভাৱে ধ্বংস হৈছে ৷ ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য মতে চিমলা, চিৰমুৰ আৰু কিন্নৌৰ জিলাত আৰু বানপানীৰ ঢল আহাৰ সম্ভাৱনাৰ কথা ঘোষণা কৰিছে ৷

*************