কাজিৰঙাৰ পক্ষী গননাৰ বাবে স্থানীয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিশেষ প্ৰশিক্ষণ প্ৰদান :

Aiidesh News  : 21 December - 2023  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলত ৯ আৰু ১০ জানুৱাৰীত পক্ষী গননা আৰু পক্ষী সংৰক্ষণ উৎসৱ অনুষ্ঠিত হ'ব ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত আয়েজিত এই পক্ষী সংৰক্ষণ উৎসৱ আৰু পক্ষী গননা কাৰ্যসুচীৰ লগত সংগতি ৰাখি আজি বোকাখাতৰ চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ত আগন্তুক পক্ষী গননাত অংশ গ্ৰহন কৰিব বিচৰা স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰী বাবে এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ প্ৰশিক্ষনক বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয় আৰু জে ডি এছ জি মহাবিদ্যালয়ৰ মুঠ ৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷

পৰিবেশ কৰ্মী তথা বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই আঁত ধৰা আজি এই প্ৰশিক্ষনত ডেৰাদুনৰ বন্যপ্ৰাণী গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক মনিষা আশ্ৰফে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আয়োজন কৰা পক্ষী গননা আৰু পক্ষী সংৰক্ষণ উৎসৱৰ বিভিন্ন কাৰ্যসুচীৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে কাৰ্যসুচী সমুহত ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন কৰাৰ বাবে আহ্বান জনায় ৷ প্ৰশিক্ষনত বোম্বাই নেচাৰেল হিস্ত্ৰি চ'চাইটিৰ গৱেষক ড৹ বিশ্বজিত চাকদাৰে সমল ব্যক্তি হিচাবে উপস্থিত থাকি পক্ষী নিৰীক্ষনৰ লগতে পক্ষী গননাৰ বাবে কৰিব লগীয়া প্ৰস্তুতি আৰু গননাত স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰীৰ ভুমিকাৰ বিষয়ে সচিত্ৰ উপস্থাপনেৰে বাখ্যা কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপো কৰে ৷ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰক্ষাগৃহত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভনীতে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড৹ সুৰজিত দত্তই আদৰণী ভাষণ প্ৰদান কৰি ছাত্ৰ ছাত্ৰীৰ বাবে এনে কাৰ্যসুচী আয়োজন কৰি কাজিৰঙাৰ সংৰক্ষণৰ সৈতে ছাত্ৰ ছাত্ৰী সকলক জড়িত কৰাৰ বাবে কাজিৰঙাৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে ৷ 

********