প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ চলচ্চিত্ৰ নিৰ্মাণৰ কৰ্মশালা :

প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ চলচ্চিত্ৰ নিৰ্মাণৰ কৰ্মশালা  :
Aiidesh Photo
প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ চলচ্চিত্ৰ নিৰ্মাণৰ কৰ্মশালা  :
প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ চলচ্চিত্ৰ নিৰ্মাণৰ কৰ্মশালা  :

Aiidesh News : 12 March - 2024  : 

ছবিৰ মাধ্যমেৰে প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক কাহিনী কোৱাৰ পদ্ধতিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে  বন্যপ্ৰাণী সংৰক্ষণ সংস্থা আৰণ্যকে প্ৰকৃতি আৰু বন্যপ্ৰাণী চলচ্চিত্ৰ নিৰ্মাণ বিষয়ক এখন তিনিদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰে ।  যোৱা ৮ ৰ পৰা ১০ মাৰ্চলৈ গুৱাহাটীত এই কৰ্মশালা অনুষ্ঠিত হয় ৷ কৰ্মশালত ইকুইপমেণ্ট সহযোগী নিকন ইণ্ডিয়া” আৰু মিডিয়া সহযোগী ইক' এন ই"ক ৷ 

কৰ্মশালাখন উদ্বোধন কৰে আৰণ্যকৰ সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড৹ বিভৱ কুমাৰ তালুকদাৰে ৷ উদ্বোধনী ভাষণত ড৹ বিভৱ কুমাৰ তালুকদাৰে কৰ্মশালাৰ অংশগ্ৰহণকাৰী সকলক তেওঁলোকৰ কেমেৰাৰ জৰিয়তে প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ হকে কাম কৰিবলৈ উৎসাহিত কৰে । উদ্বোধনী অনুষ্ঠানত নিক’ন ইণ্ডিয়াৰ বিষয়া কুমাৰ কিশোৰ কলিতাই অংশগ্ৰহণকাৰী সকলক   কাহিনী এটাক সুন্দৰ ৰূপত উপস্থাপন কৰাৰ বাবে ফটোগ্ৰাফী আৰু ভিডিঅ’গ্ৰাফীৰ ক্ষেত্ৰত হোৱা কাৰিকৰী উন্নতিৰ সুবিধা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় । দুদিনীয়া এই কৰ্মশালাত ভিডিঅ’গ্ৰাফী আৰু চিনেমাট’গ্ৰাফীৰ প্ৰাথমিক জ্ঞান, প্ৰকৃতি আৰু বন্যপ্ৰাণী বিষয়বস্তুৰ জ্ঞান, কাহিনীৰ বিকাশ আৰু ভিডিঅ’ সম্পাদনা আদি বিভিন্নত প্ৰশিক্ষন প্ৰদান কৰা হয় । অংশগ্ৰহণকাৰী সকলে গড়ভঙা সংৰক্ষিত বনাঞ্চলত আউটড’ৰ ভিডিঅ’ শ্বুটিঙত অংশগ্ৰহণ কৰাৰ লগতে নিজাকৈ ছবি নিৰ্মাণৰ অনুশীলন প্ৰকল্পও  প্ৰস্তুত কৰে ।

কৰ্মশালাত অসমৰ কামৰূপস্থিত ড৹ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ মোচন পিকচাৰ ফটোগ্ৰাফী বিভাগৰ প্ৰবক্তা  ড৹ সঞ্জীৱ পৰাশৰে তথ্যচিত্ৰ নিৰ্মাণ বিষয়ক এক মনোজ্ঞ আলোচনা আগবঢ়ায় ৷ আৰণ্যকৰ মিডিয়া প্ৰডাকচন এণ্ড কমিউনিকেচন ডিভিজনৰ উদ্যোগত আয়োজিত এই কৰ্মশালাত জ্যেষ্ঠ বিজ্ঞানী আৰু বন্যপ্ৰাণী ফটোগ্ৰাফাৰ তথা চলচ্চিত্ৰ নিৰ্মাতা উদয়ন বৰঠাকুৰে সামগ্ৰিক ভাৱে কৰ্মশালা সঞ্চালনা কৰে ৷ আৰণ্যকৰ ডকুমেন্টেশ্যন আৰু প্ৰডাকশ্যন বিষয়া চিন্ময় স্বৰ্গীয়াৰীয়ে ভিডিঅ’ সম্পাদনা বিষয়ক আৰু আৰণ্যৰ প্ৰৱন্ধক মুনমিতা বৰুৱাই কৰ্মশালাখনৰ সামগ্ৰিক পৰিচালনা কৰে ।

আৰণ্যকৰ মিডিয়া প্ৰডাকচন এণ্ড কমিউনিকেশ্যন বিভাগৰ মুৰব্বী উদয়ন বৰঠাকুৰৰ মতে প্ৰকৃতি আৰু বন্যপ্ৰাণীক বিষয়বস্তু হিচাপে লৈ উন্নত ৰূপত কাহিনী উপস্থাপন কৰাৰ বাবে যোগাযোগ দক্ষতা বিকাশৰ উদ্দেশ্যে আয়োজন কৰা এলানি কৰ্মশালাৰ অংশ হিচাপে এই দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয়  । 

*********