কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে সংৰক্ষিত এলেকা আৰু বনাঞ্চলৰ ভূমিকা শীৰ্ষক দুদিনীয়া জি আই এছ কৰ্মশালা :

Aiidesh News  : 12 March - 2024 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা দুদিনীয়া কাৰ্যসুচীৰে আৰম্ভ হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে সংৰক্ষিত এলেকা আৰু বনাঞ্চলৰ ভূমিকা শীৰ্ষক এক বিশেষ কৰ্মশালা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কৰ্তৃপক্ষ, অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰ, উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ, আৰণ্যক আৰু ইন্টাৰনেচনেল ইউনিয়ন ফৰ কনজাৰভেচন অৱ নেচাৰ  চমুকৈ আই ইউ চি এনৰ বিশেষ উদ্যোগত আয়োজিত এই কৰ্মশালাত জৈৱ বৈচিত্ৰ্য সংৰক্ষণত সংৰক্ষিত এলেকা আৰু বনাঞ্চলবোৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক ভূ-স্থানিক দৃষ্টিকোণৰ পৰা আলোচনা , অনুসন্ধান কৰা, এনেবোৰ অনুসন্ধানক উদগনি দিয়া, অত্যাধুনিক গৱেষণাৰ ফলাফল সমুহৰ বিশ্লেষণ কৰা আৰু সংৰক্ষণৰ প্ৰচেষ্টাক ত্বৰান্বিত কৰি কাৰ্যকৰী কৰাৰ বাবে ৰণনীতি নিৰ্ধাৰণ কৰাৰ ওপৰত গুৰুত্ব আলোচনা কৰা হয় । 

কাজিৰঙাৰ কঁহৰাত থকা বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজিত এই কৰ্মশালাত বন্তি প্ৰজ্বলন কৰি ইণ্ডিয়ান ইনষ্টিটিউট অৱ ৰিম'ট চেঞ্চিংৰ প্ৰাক্তন ডীন ড০ পাৰ্থসাৰথি ৰয়ে বনাঞ্চল, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, সংৰক্ষণ বিজ্ঞান আৰু পৰিস্থিতি তন্ত্ৰত জি আই এছ বা ভৌগলিক তথ্য ব্যৱস্থাৰ সঁজুলিৰ গুৰুত্বপূৰ্ণ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ সংৰক্ষণৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে বৈজ্ঞানিক আৰু শৈক্ষিক গৱেষণাত জি আই এছৰ সঁজুলিসমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে গুৰুত্ব আৰোপ কৰে । 

আজিৰ অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ,  আই আই টি গুৱাহাটীৰ অধ্যাপক, ড৹ অৰূপ শৰ্মা, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানৰ সহকাৰী অধ্যাপক ড৹ নিৰ্মালী গগৈ, উত্তৰ পুৰ্বাঞ্চল মহাকাশ গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড৹ এছ পি আগ্ৰৱাল, ড৹ কে কে শৰ্মা, ড৹ সুচিত্ৰা দেবী , মহাকাশ গৱেষশা কেন্দ্ৰ অসমৰ জেষ্ঠ বিজ্ঞানী প্ৰসন্ন বৰুৱা আৰু বৰপথাৰ চাহ বাগিচাৰ সঞ্চালক পূজা চুতদিয়া, আৰণ্যকৰ ড৹ বিভূতি প্ৰসাদ লহকৰ আৰু অৰূপ দাসো উপস্থিত থাকে ৷ কৰ্মশালাত সঞ্চালক ড৹ পি এল এন ৰাজু আৰু ইচৰ'ৰ আহমেদাবাদ কেন্দ্ৰৰ ড৹ চি পাঠকে অন লাইনেৰে আলোচনাত অংশ গ্ৰহন কৰে ৷

কৰ্মশালাৰ দ্বিতীয় দিনা ১৩ মাৰ্চত অংশগ্ৰহনকাৰী বিশেষজ্ঞৰ দলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চললৈ ক্ষেত্ৰ অধ্যয়নৰ বাবে গৈ কাৰ্বন ফ্লাক্স ডাইনেমিকৰ  বুজ লোৱাৰ উপৰিও কাজিৰঙাৰ ঘাহঁনি পৰিচালনাৰ বিষয়েও বুজ ল'ব ৷

**********