বোকাখাতৰ বিষ্ণুপুৰ নামঘৰত বোকাখাত সমজিলা পালনাম সমিতিৰ উদ্যোগত বাৰ্ষিক মহাপালনাম আৰু ভাগৱত পাঠৰ অনুষ্ঠান :
Aiidrsh News : 27 March - 2026 :
বোকাখাত সম-জিলা পালনাম সমিতি'ৰ পঞ্চত্রিংশতিতম বার্ষিক মহাপালনাম আৰু ষষ্ঠ বিংশতিতম বার্ষিক শ্রীমদ্ভাগৱত অৱিৰত পাঠ অনুষ্ঠান বোকাখাত বিষ্ণুপুৰ নামঘৰত ২৭ মাৰ্চৰ পুৱাৰে পৰা আৰম্ভ হৈছে । অহা ৫ এপ্রিললৈকে অনুষ্ঠিত হব লগা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ইতিপূর্বে বিশজোৰা নৱ দম্পতিৰ শৰণ লোৱা, সামুহিক বিবাহ আৰু বৃক্ষ ৰোপণৰ কৰ্যসুচী অনুষ্ঠিত হৈ যায় । যোৱা ২৩ মার্চত বৃক্ষ ৰোপণ কৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক সোনালী ঘোষে । লগতে বোকাখাত সম-জিলা পালনাম সমিতিৰ বিষয়ববীয়াসকলৰ লগতে আদৰণী সমিতি তথা স্থানীয় ৰাইজে এশটা গছপুলি বিষ্ণুপুৰতে ৰোপণ কৰে ।
২৭ মাৰ্চৰ বাৰ্ষিক মহা পালনামৰ প্রথম দিনৰ কার্যসূচীত পুৱা বিষ্ণুপুৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি বসন্ত কুমাৰ দত্তই নামঘৰৰ ধৰ্মধবজা উত্তোলন কৰাৰ পিচতেই পালনামৰ বাবে বিষ্ণুপুৰৰ বিভিন্ন প্ৰৱেশদ্বাৰত নিৰ্মান কৰা সাতখন অস্থায়ী তোৰণ উন্মোচন কৰাৰ হয় । বিষ্ণুপুৰৰ নিৱীসী প্রয়াত মাণিক শইকীয়া আৰু গোবিন্দ শইকীয়াৰ পৰিয়ালে নিৰ্মান কৰা প্রথমখন তোৰণ উন্মোচন কৰে বোকাখাত সমজিলা পালনাম সমিতিৰ মুখ্য পৃষ্ঠপোষক জিতেন গগৈয়ে । প্ৰয়াত ৰত্ননাথ দত্তৰ পৰিয়ালে দিয়া দ্বিতীয় খন তোৰণ উন্মোচন কৰে বোকাখাত সমজিলা পাল নাম সমিতিৰ সভাপতি বিনন্দ চন্দ্র বৰুৱাই । আদৰণি সমিতিয়ে নিৰ্মান কৰা তৃতীয়খন তোৰণ উন্মোচন কৰে বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী জগত চন্দ্র কলিতাই । আদৰণি সমিতিৰ চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ তোৰণ উন্মোচন কৰে যোগীগাওঁ জেষ্ঠ নাগৰিক মাধৱ নাথ,জ্যেষ্ঠ ব্যক্তি হৰেশ্বৰ শইকীয়া, আৰু প্রাক্তন নামঘৰীয়া যাদৱ চন্দ্র বৰা। বোকাখাতৰ ৰাধাকৃষ্ণ মন্দিৰ পৰিচালনা সমিতিয়ে নিৰ্মান কৰা সপ্তম তোৰণ উন্মোচন কৰে সমাজকৰ্মী মৃনাল দাসে। ইয়াৰ পিচতেই জী জোৱাইৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়।
১০ দিনীয়াকৈ অনুষ্ঠিত এই মহা পালনামত আগত দিনত কমাৰবন্ধা বামুনগাওঁৰ অমিয় কুমাৰ মহন্ত আৰু কুৱাবাহী সত্ৰ যোগেন মহন্তৰ নেতৃত্বত মহাপাল নাম, সম্বৰ্ধনা অনুষ্ঠান, শান্তিজল আনয়ন, ভগৱত আদৰণি, কুৰুৱাবাহী সত্ৰৰ নামচাৰ্য ভুৱন বৰাৰ নেতৃত্বত নাম প্ৰসংগ, বোকাখাতৰ পাঠক দন্দেশ্বৰ বৰা আৰু তেওঁ সহযোগীৰ নেতৃত্বত অৱিৰত ভাগৱত পাঠ, ভাগৱত পাঠৰ বাখ্যা, বোকাখাত সমজিলা পালনাম সমিতিৰ মুখপত্ৰ খাপনাৰ উন্মোচনৰ লগতে কুৰ্ম অৱতাৰ নামৰ ভাওঁনাও অনুষ্ঠিত হ'ব। ৫ এপ্রিলতৰ দিনা অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ দ্বাৰা এই মুখপত্রৰ উপৰিও কেইবাগৰাকী ব্যক্তিৰ দ্বাৰা ৰচিত গ্রন্থ উন্মোচন কৰা হ'ব ।
********



