দুদিনীয়া কাৰ্যসুচীৰে কাজিৰঙাত ৰাজ্যসভাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে বন ও পৰিৱেশ আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ সাংসদীয় কাৰ্যকৰী সমিতিৰ ৯ জনীয়া সাংসদৰ দল :

দুদিনীয়া কাৰ্যসুচীৰে কাজিৰঙাত ৰাজ্যসভাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে বন ও পৰিৱেশ আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ সাংসদীয় কাৰ্যকৰী সমিতিৰ ৯ জনীয়া সাংসদৰ দল  :
Aiidesh Photo

Aiidesh News  : 10 April 2023 : 

ৰাজ্যসভাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ লগতে বন পৰিৱেশ আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ সাংসদীয় কাৰ্যকৰী সমিতিৰ ৯ জনীয়া এক প্ৰতিনিধিৰ দলে দুদিনীয়া কাৰ্যসুচীৰে কাজিৰঙাত উপস্থিত হৈছেহি ৷ আজি ৰাজ্যসভাৰ এই বিশেষ দলটোয়ে কাজিৰঙাৰ কঁহৰাত থকা পৰমানন্দ লাহন প্ৰেক্ষাগৃহত স্থানীয় লোক,  দল সংগঠন আৰু বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিৰ সৈতে মিলিত হৈ কাজিৰঙাৰ বিভিন্ন সমস্যাৰ সম্পৰ্কত মত বিনিময় কৰে ৷ বৈঠকত ৰাজ্যসভাৰ এই কাৰ্যকৰী সমিতিৰ অধ্যক্ষ ৰামগোপাল যাদৱে সকলোকে বৈঠকলৈ আদৰণী জনাই তেওঁলোকৰ ভ্ৰমনৰ উদেশ্য বাখ্যা কৰে ৷ ৰাজ্যসভাৰ এই কাৰ্যকৰী সমিতিৰ সদস্য সকল হ'ল হেমৰাজ সিং, থাংজাচিয়াম পাইটে,  নৰেন্দ্ৰ কুমাৰ, অধ্যক্ষ ৰাম গোপাল যাদৱ, দাল সিং বিচেন, গুহৰাম আজগালি, কথা প্ৰভাকৰ ৰেড্ডি, ৰাম শিৰোমানি বাৰ্মা আৰু নিৰঞ্জন বিচি ৷

আজিৰ আলোচনাত বন্যপ্ৰাণী সংঘাতৰ ক্ষতিপূৰণৰ পৰিমান বৃদ্ধি কৰা, বনকৰ্মীৰ বাবে কাজিৰঙাত এখন উচ্চ মানদণ্ডৰ চিকিৎসালয় নিৰ্মান, বনকৰ্মীৰ সন্তানৰ বাবে উচ্চ মানদণ্ডৰ এখন বিদ্যালয় নিৰ্মান, কাষৰীয় ৰাইজৰ কল্যানৰ বাবে কেন্দ্ৰীয় আঁচনি,  কাজিৰঙাৰ গড়া খহনীয়া নিয়ন্ত্ৰনবিভিন্ন বিভাগক সক্ৰিয় কৰি গাওঁবোৰৰ  সংহত উন্নয়নৰ প্ৰকল্প, বন্যপ্ৰাণী সৈতে হোৱা সংঘাত নিয়ন্ত্ৰন,  বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আন্ত: ৰাজ্যিক আৰু আন্ত: ৰাষ্ট্ৰীয় সম্পৰ্ক স্থাপন,  কৃষকৰ জীৱন আৰু শস্যৰ বীমাকৰণ, উন্নত সা সুবিধাৰে পশু চিকিৎসালয় স্থাপন, আৱৰ্জনা নিস্কাষণ আদি বিষয়ৰ ওপৰত আলোচনা হয় ৷

আলোচনাৰ শেষত ৰাজ্যসভাৰ সদস্য দালসিং বিচেন,  গুহৰাম আজগালি, কথা প্ৰভাকৰ ৰেড্ডি,ৰাম শিৰোমানি বাৰ্মা আৰু নিৰঞ্জন বিচিয়ে কাজিৰঙাত এখন উন্নত চিকিৎসালয়, পশুচিকিৎসালয়, কৃষক আৰু শস্যৰ বীমাকৰণ , বন্যপ্ৰাণী সংঘাতৰ ক্ষতিপূৰণ বৃদ্ধি, দক্ষতা বৃদ্ধিৰ আঁচনি আদি কাজিৰঙাৰ চৌকাষে ৰূপায়নৰ বাবে কেন্দ্ৰ চৰকাৰক অৱগত কৰিব বুলি জনায় ৷ ৰাজ্য সভাৰ সদস্য এই সকলোবোৰ বিষয় সামৰি বন আৰু বন্যপ্ৰাণীৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাবে সাংসদত অচিৰেই এখন বিল উত্থাপিত বুলিও অৱগত কৰে ৷

আজিৰ এই বৈঠকত ৰাজ্যৰ বন বিভাগৰ প্ৰধান মুখ্য বনসংৰক্ষক সঞ্জীৱ কুমাৰ,  কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা আৰু ডি এফ অ' ৰমেশ কুমাৰ গগৈও উপস্থিত থাকে  ৷ বৈঠকৰ শেষত দুপৰীয়াৰ আহাৰ গ্ৰহন কৰি ৰাজ্যসভাৰ দলটোয়ে জীপচিৰে বাগৰি বনাঞ্চলত প্ৰৱেশ কৰি ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে  ৷

***************