সাংবাদিকক কৰা অসৌজন্যসূচক আচৰণৰ প্ৰতিবাদত বোকাখাতত সাংবাদিকৰ প্ৰতিবাদ : দুঘন্টীয়া ধৰ্মঘট :

সাংবাদিকক কৰা অসৌজন্যসূচক আচৰণৰ প্ৰতিবাদত বোকাখাতত সাংবাদিকৰ প্ৰতিবাদ  : দুঘন্টীয়া ধৰ্মঘট  :
Aiidesh Photo

সাংবাদিকক কৰা অসৌজন্যসূচক আচৰণৰ প্ৰতিবাদত বোকাখাতত সাংবাদিকৰ প্ৰতিবাদ  : দুঘন্টীয়া ধৰ্মঘট  :

Aiidesh News  :  30 May 2023  :

জোনমনি ৰাভাৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চি আই ডি দল আৰু বোকাখাতৰ আৰক্ষী বিভাগে বোকাখাতৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিক সকলক তদন্তৰ নামত কৰা অসৌজন্যসূচক ব্যৱহাৰৰ প্ৰতিবাদত আজি বোকাখাতত মহকুমাৰ সমুহ সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰে ৷  জোনমনি ৰাভাৰ মৃত্যুৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি নিজকে দাবী কৰা বোকাখাতৰ ৰজাবাৰীৰ প্ৰনৱ দাস ওৰফে নালিয়াৰ ভাষ্য গ্ৰহন কৰি সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ বাবেই চি আই ডি দলে আৰক্ষীৰ সহযোগত বোকাখাত থানাত যোৱা ২৭ মে' তাৰিখত বোকাখাতৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিক সকলৰ সাক্ষ্য গ্ৰহন কৰিছিল ৷ সাক্ষ্য গ্ৰহনৰ বাবে বোকাখাত থানালৈ মাতি নিয়া সাংবাদিক সকলক আৰক্ষী আৰু তদন্তকাৰী বিষয়াই নূন্যতমো সৌজন্যতা প্ৰদৰ্শন কৰা নাছিল ৷ এনে কাৰ্যৰ প্ৰতিবাদত আজি বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব আৰু ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচোচিয়েচন চমুকৈ ইমজাৰ উদ্যোগত সমুহ সাবাদিকে বোকাখাত নগৰত সমবেত হৈ দুঘন্টীয়া  ধৰ্মঘট কাৰ্যসুচীৰে প্ৰতিবাদ  সাব্যস্ত কৰে ৷ 

প্ৰতিবাদ থলীত তদন্তৰ নামত অসম চৰকাৰৰ আৰক্ষী বিভাগ আৰু চি আই ডি বিভাগে বোকাখাতৰ সাংবাদিক সকলক অসৌজন্যসুচক ব্যৱহাৰ কৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰাৰ লগতে এনে কাৰ্যক গৰিহনাও দিয়ে ৷ অনুষ্ঠানত বিগত সময়ত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া গৰাকীয়েও বোকাখাতৰ সাংবাদিকক সংবাদ সংগ্ৰহৰ সময়ত কৰা অসৌজ্যন্যসুচক আচৰণৰো উল্লেখ কৰি বোকাখাতৰ মহকুমা দণ্ডাধীশৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ 

সাংবাদিক সকলে ৰূপায়ণ কৰা এই ধৰ্মঘট কাৰ্যসুচীত সাংবাদিকৰ উপৰিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা,  অসম চাহ জনজাতি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, চুতীয়া জাতি ছাত্ৰ সন্থা, জীপাল আদি বিভিন্ন দল সংগঠনে সহযোগ কৰে ৷ অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, সম্পাদক নীলু আচাৰ্য, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া, ইমজাৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাই প্ৰতিবাদী কাৰ্যসুচীৰ নেত়ৃত্ব দিযে ৷ প্ৰতিবাদথলীত উপস্থিত বিভিন্ন দল সংগঠনে অসমৰ লগতে বোকাখাততো সাংবাদিক সকলক দেখুৱা অসৌজন্যসূচক অচৰণ আৰু নিৰ্যাতনৰ প্ৰতিবাদ জনাই এনে কাৰ্যক গৰিহনা দিয়ে ৷

********