ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমনৰ বাবে চলোৱা প্ৰস্তুতিৰ বুজ ল'বলৈ বোকাখাতত অসম চৰকাৰৰ তিনি মন্ত্ৰী : উচ্চ স্তৰীয় বৈঠক :

Aiidesh News :  1 April 2023 :

অহা ৭ এপ্রিলৰ পৰা কাজিৰঙাত অনুষ্ঠিত হ'বলগীয়া গজ মহোৎসৱত অংশ গ্ৰহণ কৰিবলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এই প্ৰস্তাৱিত কাজিৰঙা ভ্ৰমণৰ প্ৰস্তুতিপৰ্বৰ সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ উদ্দেশ্যে আজি বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত কৃষি মন্ত্ৰী অতুল বৰা, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিত্ত মন্ত্ৰী অজন্তা নেওগ, বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ, প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং,আৰক্ষী উপ মহাপৰিদৰ্শক দেৱজ্যোতি মুৰ্খাজী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক  যতীন্দ্ৰ শৰ্মা, গোলাঘাট আৰু নগাঁৱৰ জিলাৰ  উপায়ুক্ত ক্ৰমে ডাঃ উদয় প্ৰবীণ আৰু শ্ৰী নৰেন্দ্ৰ শ্বাহ, গোলাঘাটৰ আৰক্ষী অধীক্ষক  পুষ্কিন জৈন আৰু বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ প্ৰমুখ্যে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া সকলে অংশ গ্ৰহন কৰে  ৷ 

বৈঠকত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ আহিবলগীয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এই ভ্ৰমণসূচী সাফল্য মণ্ডিত কৰি তোলাৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলীৰ সবিশেষ  আলোচনা কৰা হয় । লগতে বিভিন্ন বিভাগে পালন কৰিবলগীয়া দায়িত্বসমূহ নিখুঁতভাৱে কাৰ্যকৰীকৰণৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশনা দিয়া হয় ।

ইফালে ৰাষ্ট্ৰপতিয়ে অৱতৰন কৰিব লগা বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ হেলিপেড, হেলিপেডলৈ যোৱা মূল পথ আৰু ৰাষ্ট্ৰপতিক অভিবাদনৰ বাবে ৰাখিব লগা সাংস্কৃতিক দল সমুহৰ স্থানো  পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাৰ আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

*********