Iবিশ্ব দিব্যাঙ্গ দিৱসৰ সৈতে সংগতি ৰাখি বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত দিব্যাঙ্গ দিৱস আৰু সাংবাদিক সমন্বয় সমাৰোহ :

 

Aiidesh News  :  3 Desember 2023 :

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বোকাখাতত থকা উজনি অসম বিকলাংগ কেন্দ্ৰতো বোকাখাত মহকুমা সাংবাদিক  সংস্থা, বোকাখাত প্ৰেছ ক্লাব, ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচ'চিয়েচন মজা বোকাখাত, কাজিৰঙা নিউজ নেটৱৰ্ক, খবৰ বোকাখাত আৰু উজনি অসম বিকলাঙ্গ কেন্দ্ৰৰ যৌথ উদ্যোগত দিনজোৰা কাৰ্যসুচীৰে বিশ্ব দিব্যাঙ্গ দিৱস আৰু সাংবাদিক সমন্বয় সমাৰোহ উদযাপন কৰা হয় ৷ এই দিৱসৰ পুৱা কেন্দ্ৰৰ প্ৰাংগনত উজনি অসম বিকলাংগ কেন্দ্ৰ পতাকা উত্তোলন কৰে কেন্দ্ৰৰ প্ৰাংগনতে থকা স্পিচিয়েল হেণ্ডিকেপড স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষ্য বৰিয়ে ৷ ইয়াৰ পিচতেই কেন্দ্ৰৰ খেল পথাৰত পৰিচালক দিলীপ দাস আৰু বৃন্দাবন দলেৰ পৰিচালনাত কেন্দ্ৰ আৱাসিক দিব্যাঙ্গ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

পৰৱৰ্তী সময়ত কেন্দ্ৰৰ বাকৰিতে বিশ্ব দিব্যাঙ্গ দিৱস আৰু সাংবাদিক সমন্বয় সমাৰোহৰ বিশেষ কাৰ্যসুচী অনুষ্ঠিত হয় ৷ বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি জেষ্ঠ সাংবাদিক বুবুল দত্ত আৰু বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক তথা উজনি অসম বিকলাংগ কেন্দ্ৰ পৰিচালনা সমিতিৰ সম্পাদক উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, অৱসৰ প্ৰাপ্ত অধ্যক্ষক ড৹ বাবুলাল মোৰ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভাপতি সূৱৰ্ণ শইকীয়া বৰদলৈ , কবি সন্মিলনৰ অমৰ শৰ্মা, কবি সাংবাদিক অজন্তা তালুকদাৰ, লেখিকা মিনতি দলে, মৃদুস্মিতা শৰ্মা, জেষ্ঠ সাংবাদিক মহেন শইকীয়া,  মহেশ্বৰ ৰবিদাস, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি বিপুল বৰা, কাজিৰঙা নিউজ নেটৱৰ্কৰ দিব্যজ্যোতি হাজৰিকা, সমাজসেৱক মহাবীৰ প্ৰসাদ আগ্ৰৱলা, কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, স্পিচিয়েল হেণ্ডিকেপড স্কুলৰ প্ৰধান শিক্ষয়ত্ৰী কুঞ্জলতা দাস, ছাত্ৰ ছাত্ৰী অভিভাৱকৰ উপৰিও স্থানীয় লোক সকলে অংশগ্ৰহন কৰে ৷ অনুষ্ঠানত বোকাখাতৰ সমুহ সাংবাদিক উপস্থিত থাকি দিব্যাঙ্গ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ৷

এই কাৰ্যসুচীতে কেন্দ্ৰটোৰ আৱাসিক ছাত্ৰ ছাত্ৰীৰ মাজত উপহাৰৰ টোপোলাৰ উপৰিও খেল প্ৰতিযোগিতাৰ বঁটাও বিতৰণ কৰা হয় ৷ অনুষ্ঠানতে অইল - ডুলীয়াজান প্ৰেছ ক্লাব ২০২৩ চনৰ বঁটা লাভ কৰাৰ বাবে বোকাখাতৰ জেষ্ঠ সাংবাদিক নীলু আচাৰ্যক বিভিন্ন দল সংগঠনে চেলেং চাদৰ আৰু ফুলাম গামোছাৰো অভিনন্দন জনায় ৷ অনুষ্ঠানত উজনি অসম বিকলাংগ কেন্দ্ৰৰ শিক্ষয়ত্ৰী কুন্তী পানিকা আৰু মাখনী দত্তৰ পৰিচালনাত দিব্যাঙ্গ ছাত্ৰ ছাত্ৰী সকলে সমবেত সংগীত, আধুনিক নৃত্য, জ্যোতিসংগীত আৰু ঝুমুই নৃত্য পৰিৱেশন কৰি সকলোকে অভিভুত কৰি তোলে ৷

************