ফিলবাৰী নামহোলুং বিলৰ দুৰৱস্থা

 

ফিলবাৰী নামহোলুং বিল আৰু ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প স্থলী ও সাম্ভাব্য পৰ্যটন স্থলীৰ দুৰৱস্থা।মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ,বুৰিদীহিং মৌজাৰ নামহোলুং বিলৰ পুটৌ লগা অবস্থা। ১৯৬৪ চনত ৰবৰগুৰি,বৰগাঁও,সোনাপুৰ দেউৰী গাঁও,গাভৰুভেটি আদি কৰি ফিলবাৰীৰ বিভিন্ন কৃষি পথাৰত পানী যোগানৰ বাবে ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প আচনিৰ অধিনত ডুমডুমা নদীৰ মাজভাগত বান্ধ নিৰ্মাণ কৰা হয়, আৰু বিলখন উৎপত্তি হয়। এই বান্ধৰ বাবে বিলখনত বাৰমাহে থাকে ফলত ইয়াত প্ৰচুৰ পৰিমাণে মাছ,কাছ পোৱা যায়। পৰিভ্ৰমী চৰাইৰ যেনে কাম চৰাই,দেওহাহ, বনৰীয়া হাঁহ ,অণ্যাণ্য স্থানীয় চৰাইৰ বাসস্থান আৰু বিভিন্ন পৰীভ্ৰমী চৰাইৰ বিচৰনস্থলী। বান্ধটোৰ বাবেই কাষৰীয়া নামহোলোং,নহোলোং,,মাজ গাঁও,দীঘলীপথাৰ,মদাৰখাট, হোলোং গুটিবাৰী আদি গাঁওৰ প্ৰকৃতিক পৰিবেশ গঠন হৈছে। উল্লেখ যে প্ৰবাহিত জলসিঞ্চন বান্ধটো বাৰিষা সময়ৰ নয়না ভিৰাম দৃশ্যই সকলোকে আকৰ্ষিত কৰে। প্ৰতি বছৰে বহু হাজাৰ পৰ্যটক জলকেলি কৰিবলৈ আহে। কিন্তু বান্ধটো বৰ্তমান বিভাগীয় অবহেলাৰ  বাবে ভাঙি চিঙি গৈছে। স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনায় যে খৰালী অহাৰ লগে লগে মেৰামতি কৰি দিবৰ বাবে চৰকাৰক কাটৰ অনুৰোধ জনাইছে লগতে পৰ্যটন স্থলী হিচাপে গঢ় দিবৰ বাবে উপযুক্ত ব্যৱস্থা ল'বলৈ অনুৰোধ জনায়। লগতে পৰ্যটক সকলে বৰ্তমান সময়ত অবাধে অসামাজিক কায্যকালাপ আৰু Covid _ ১৯ অৰ বিভিষিকাৰ বাবে স্থানীয় ৰাইজে পৰ্যটন স্থলী বন্ধ কৰি দিবলৈ বাধ্য হৈছে। গতিকে বান্ধটো বৰ্তমান সময়ত পৰ্যটন স্থলী হিচাপে গঢ় দি সুপৰিচালনাৰ ব্যৱস্থাৰ বাবে স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে। লগতে গন ঐক্য সংগ্ৰাম সমিতিয়ে অসম চৰকাৰ তথা জলসিঞ্চন মন্ত্ৰীক আহ্বান জনায় আৰু বিভিন্ন দ'ল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।