'কলাজ'ৰ উদ্যোগত বোকাখাতত মঞ্চস্থ হ'ব লগীয়া নাটক 'মায়ংজকা'ৰ শুভ মহুৰৎ অনুষ্ঠিত :

'কলাজ'ৰ উদ্যোগত বোকাখাতত মঞ্চস্থ হ'ব লগীয়া নাটক 'মায়ংজকা'ৰ শুভ মহুৰৎ অনুষ্ঠিত   :
Aiidesh Photo

'কলাজ'ৰ উদ্যোগত বোকাখাতত মঞ্চস্থ হ'ব লগীয়া নাটক 'মায়ংজকা'ৰ শুভ মহুৰৎ অনুষ্ঠিত   :

Aiidesh News  :  4th September  : 

বোকাখাতৰ  'কলাজ' নামৰ নাট্য গোষ্ঠীৰ উদ্যোগত বিশিষ্ট নাট্যকাৰ-কবি, সাংবাদিক অমৰ শৰ্মাৰ 'মায়ংজকা' নাটকৰ শুভ মহুৰৎ ৰবিবাৰে সম্পন্ন হৈ যায় । মহুৰৎ অনুষ্ঠানৰ আঁত ধৰে 'কলাজ'ৰ উপদেষ্টা  যুৱ নাট-পৰিচালক তৰুণ তীৰ্থ শইকীয়াই । অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বোকাখাতৰ প্ৰবীণ নাট্যকৰ্মী মনো বৰাই আৰু নাৰিকল ভাঙি নাটৰ মহুৰৎ কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি তথা বিশিষ্ট নাট্যকৰ্মী জিতু শৰ্মা ৰাজখোৱাই । 

মহুৰৎৰ অনুষ্ঠানত প্ৰবীন নাট্যকৰ্মী মনো বৰা, নাট্যকাৰ অমৰ শৰ্মা, জিতু শৰ্মা ৰাজখোৱা, অজন্তা তালুকদাৰৰ লগতে কলাজ, বোকাখাতৰ সভাপতি প্ৰৱাল প্ৰিয়াংকৰে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । কলাজৰ তৰফৰ পৰা জনোৱা মতে নাটখনি পৰিচালনা কৰিব বিশিষ্ট নাট-পৰিচালক তথা ৰূপসজ্জাকাৰ নিৰজমনি বৰাই । মহুৰৎ অনুষ্ঠানতে 'কলাজ', বোকাখাতৰ উদ্যোগত প্ৰতি বছৰে ১৫ অক্টোবৰত অসম ভিত্তিত অনুষ্ঠিত হোৱা একক অভিনয় প্ৰতিযোগিতা এইবাৰো অনুষ্ঠিত হ'ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে । একক অভিনয় প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি উক্ত দিনাৰ সন্ধিয়ালৈ 'মায়ংজকা' নাটখনি বোকাখাত নাট্যমন্দিৰত মঞ্চস্থ কৰা হ'ব বুলিও কলাজৰ তৰফৰ পৰা ঘোষণা কৰে । অনুষ্ঠানত উপস্থিত থাকে প্ৰবীণ অভিনেতা হৰি প্ৰসাদ বৰঠাকুৰ, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যাপিকা শান্তিছায়া বৰুৱা, 'কলাজ' বোকাখাতৰ সম্পাদক প্ৰণৱ শইকীয়া, যুৱ নাট্যকৰ্মীদ্বয় ক্ৰমে ঋতুপন চৌধুৰী, প্ৰিয়াংশু প্ৰাঞ্জলৰ লগতে নতুন প্ৰজন্মৰ বহু নাট্যকৰ্মী উপস্থিত থাকে  ৷

*******