কাজিৰঙাৰ সুৰক্ষাৰ বাবে ব্ৰহ্মপুত্ৰৰ চাপৰিত কামাণ্ডো বাহিনীৰ বাবে অস্থায়ী শিৱিৰ মুকলি : ৪০ গৰাকী দক্ষ কামাণ্ডো জোৱানে বাহৰ পাতিব এই শিৱিৰত :

 

Aiidesh News : 28 February 2024 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান খনলৈ প্ৰেৰণ কৰা এটা দক্ষ কামাণ্ডো বাহিনী অচিৰেই ৰাষ্ট্ৰীয় উদ্যান পাবহি ৷ এই কামাণ্ডো বাহিনীৰ বাবে ব্ৰহ্মপুত্ৰৰ চাপৰিত এটা অস্থায়ী শিৱিৰ নিৰ্মান কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বনাঞ্চল কাৰ্যালয়ে ৷ বনাঞ্চলটোৰ বিলতীয়া চাপৰিত নিৰ্মান কৰা এই শিৱিৰ ২৭ ফেব্ৰুৱাৰীৰ বিয়লি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে ৷ ইয়াৰ বাবে যন্ত্ৰচালিত নাৱেৰে বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল আৰু বনকৰ্মী লগত লৈ চাপৰিটোত উপস্থিত হয় সঞ্চালক গৰাকী ৷ ইফালে চাপৰিৰ পশুধনৰ প্ৰতিষেধক প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণাকান্ত ডেকা আৰু পৰিবেশ কৰ্মী উত্তম শইকীয়াৰ নেতৃত্বত বিলতীয়া চাপৰিত উপস্থিত হোৱা বোকাখাত পশু চিকিৎসা বিভাগৰ পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ দলকো সাক্ষাত কৰি প্ৰতিষেধ প্ৰদান কাৰ্যৰ পৰ্যবেক্ষণ কৰে সঞ্চালক গৰাকীয়ে ৷ 

জানিব পৰা মতে ২৭ ফেব্ৰুৱাৰীৰ বিয়লি আৰু আৰু পুৱা চাপৰিটোত পশু চিকিৎসা ক্ষেত্ৰ সহায়ক দলটোয়ে চাপৰিটোৰ ৬৭১ টা পশুধনক প্ৰতিষেধক প্ৰদান কৰে ৷ ইয়াৰে মুঠ টা গৰু আৰু টা পোহনীয়া ম'হ ৷ পৰিৱেশকৰ্মী উত্তম শইকীয়াৰ সামগ্ৰিক পৰিচালনাৰে ডা৹ কৰুণাকান্ত ডেকাৰ নেতৃত্বত দলটোয়ে বিলতীয়া চাপৰিৰ মুঠ ৮১ টা গৰু ম'হৰ চাপৰিলৈ গৈ পশুধনৰ প্ৰতিষেধক প্ৰদান কৰে ৷ ২৭ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰতিষেধক প্ৰদান কাৰ্য আৰম্ভ কৰাৰ পুৰ্বে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে সকলোৰে লগতে মত বিনিময় কৰি কাজিৰঙাৰ কাষৰ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত থকা গৰু ম'হৰ প্ৰতিষেধক প্ৰদানৰ প্ৰয়োজনীয়তা আৰু এই সম্পৰ্কত কাজিৰঙাৰ কৰ্তৃপক্ষই লোৱা পদক্ষেপৰ বিষয়ে অৱগত কৰে ৷ পৰৱৰ্তী সময়ত প্ৰতিষেধক প্ৰদানকাৰী দলৰ লগত গৈ প্ৰতিষেধ প্ৰদান কাৰ্য পৰ্যবেক্ষণ কৰাৰ লগতে খুটিত থকা পশুধনৰ গৰাকী সকলেৰে মত বিনিময়ো কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ষষ্ঠ সংযোজন এলেকাৰ এই বিলতীয়া চাপৰিত অৰ্ধ শতাধিক কমাণ্ডো জোৱান থাকিব পৰাকৈ নিৰ্মান কৰি উলিওৱা কমাণ্ডো বাহিনীৰ শিৱিৰ মুকলি কৰি শিৱিৰৰ সকলো দিশ পৰ্যবেক্ষণ কৰে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে ৷ পিচত বোকাখাতৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱালক লগত লৈ ব্ৰহ্মপুত্ৰ চাপৰিত থকা চাৰিটা বনশিৱিৰো পৰিদৰ্শন কৰে ৷

***********