আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দাম্ভিকতাৰ বিপৰীতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বদান্যতা

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দাম্ভিকতাৰ বিপৰীতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বদান্যতা
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বদান্যতা

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ  ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যোৱা ১৪ এপ্ৰিলত বিশ্ব স্বাস্থ্য সংস্থা (WHO) লৈ পুঁজি কৰ্তন কৰাৰ বিপৰীতে ভাৰতে World Health Organization লৈ বিশ্ব ত্রাস মহামাৰী কভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ $ ২৪ বিলিঅন ডলাৰ ( খাদ্য সামগ্ৰী সহ অন্যান্য) অনুদান আগবঢ়োৱাৰ বাবে WHO য়ে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰিছে।

প্রাণ নাশক ক'ৰোনা ভাইৰাছ যোৱা ২০১৯ চনৰ ডিচেম্বৰ মাহৰ শেষত চীনৰ ও'হান মহানগৰত ধৰা পৰাৰ পিছত এই ভাইৰাছৰ ওপৰত বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত বিশ্ব স্বাস্থ্য সংস্থাই যোৱা 30 জানুৱাৰীত এই ৰোগক মহামাৰী হিচাপে ঘোষণা কৰি জৰুৰীকালীন ভাবে গঠন কৰে আন্তর্জাতিক কৰোণা জনস্বাস্থ্য জৰুৰী অবস্থা।

ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই যোৱা জানুৱাৰীত চীনৰ আৰু 'হান মহানগৰত এক নিউমনীয়া সদৃশ জটিল ৰোগ ধৰা পৰাৰ কথা পৃথিৱীৰ সকলো দেশক অৱগত কৰিছিল। চীনত প্ৰথম জন কভিড-১৯ৰোগী যোৱা ১১ জানুৱাৰীত মৃত্যু হোৱাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি Trump য়ে ২২ জানুৱাৰীত টুইটাৰ যোগে কয় " We have it totally under control . "

আমেৰিকাত যোৱা ২১ জানুৱাৰীত ক'ৰোনা ভাইৰাছত আক্রান্ত প্ৰথম জন ৰোগী চিনাক্ত হোৱাৰ পিছত যোৱা ২৪ জানুৱাৰীত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে Twitter যোগে কৈছিল যে চীনে খুব নিষ্ঠাৰে ক'ৰোনা ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ট্ৰাম্পে চীনৰ কভিড-১৯বিৰোধী প্ৰচেষ্টা আৰু স্বচ্ছতাক ভূয়সী প্ৰশংসাও কৰিছিল।

কিন্তু, WHO ৰ সতৰ্কবাণীক সমগ্ৰ ফেব্ৰুৱাৰী মাহটোত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ বাবে আমেৰিকা, ইটালী, স্পেইন, ফ্ৰান্স, জাৰ্মানী, নেদাৰলেণ্ড সহ বিশ্বৰ প্ৰায় ১৫০ খন দেশত ক'ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাত মাৰ্কিন ৰাষ্ট্ৰপতি Donald Trump য়ে যোৱা ১৩ মাৰ্চতহে দেশজুৰি National Emergency ঘোষণা কৰে।

৩০  জানুৱাৰীত যিদিনা WHO য়ে ক'ৰোনা ভাইৰাছৰ বিশ্বজুৰা সম্প্ৰসাৰণ ৰোধ কৰিবলৈ Public Health Emergency ঘোষণা কৰিছিল, সেই দিনা মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে টুইটাৰ যোগে বুকু ফিট মাৰি এই বুলি ঘোষণা কৰিছিল " We only have five people. Hopefully everything's going to be great "

মাৰ্কিন চোৰাংচোৱা সংস্থা CIA য়ে বিশ্বৰ কোনো দেশত সংঘটিত হোৱা কোনো ঘটনা 1 মিনিটৰ ভিতৰত জানিবলৈ সক্ষম বুলি সদায় ডাংকোপ মাৰি ফুৰে। কিন্তু, জাপান, দক্ষিণ কোৰিয়া, টাইৱান আদি ৰাষ্ট্ৰই এই ৰোগক প্ৰত্যাহ্বান হিচাপে লোৱাৰ বিপৰীতে আমেৰিকাৰ ৰাষ্ট্ৰপতি Trump আৰু CIA য়ে ক'ৰোনা ভাইৰাছক সম্পূৰ্ণ অৱজ্ঞা কৰি থকাৰ বাবেই আজি আমেৰিকাৰ হাজাৰ হাজাৰ নিৰীহ লোক আজি কভিড-১৯ত মৃত্যু মুখত পৰিছে।

চীনত ভিড-১৯য়ে মহামাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 8 ফেব্ৰুৱাৰীত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং লৈ এক পত্ৰ যোগে কভিড-১৯ত মৃত্যু হোৱা চীনৰ লোক সকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছিল। তদুপৰি ভাৰতে যোৱা 26 ফেব্ৰুৱাৰীত চীনৰ ও'হানলৈ 2.11 কোটি টকাৰ 15 টন Medical Equipment প্ৰেৰণ কৰিছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প যোৱা 24 ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণলৈ আহোঁতে এই বুলি Twitter ত লিখিছিল The coronavirus is very much under control in the USA . We are in contact with everyone and all relevant counties . " আৰু সেইজন মিথ্যাচাৰী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এতিয়া নিজৰ অহংকাৰ আৰু মূৰ্খামিক ঢাকি ৰাখিব নোৱাৰি ক'ৰোনা ভাইৰাছৰ বাবে WHO ক দোষাৰোপ কৰাটো আমেৰিকাৰ আন এক ভণ্ডামি।

 

লু-চ্যন শ্যাম গোঁহাই, মথুৰাপুৰ