মৰিয়নীৰ গাভৰু পৰ্বত চাহ বাগিচাত গণ প্ৰহাৰত মৃত্যু হোৱা দেৱাশীষৰ ঘৰত দল সংগঠন প্ৰতিনিধিৰ

মৰিয়নীৰ গাভৰু পৰ্বত চাহ বাগিচাত গণ প্ৰহাৰত মৃত্যু হোৱা  দেৱাশীষৰ ঘৰত দল সংগঠন প্ৰতিনিধিৰ

যোৱা শুকুৰবাৰে গাভৰু পৰ্বতৰ প্ৰকৃতিক দৃশ্য চাবলৈ গৈ এক সাধাৰণ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উক্ত চাহ বাগিচা খনৰ এচাম উদণ্ড যুৱকে নকছাৰী অঞ্চলৰ ছাত্ৰ নেতা দেৱশীষ গগৈৰ লগতে আন এজনকো গণপ্ৰহাৰ  কৰিছিল । ফলত শনিবাৰে যোৰহাট মেডিকেল কলেজত  দেৱশীষ গগৈৰ মৃত্যু হয় । তাৰ পাছতে উক্ত অঞ্চলত তীব্ৰ চাঞ্চল্য সৃষ্টি হয় । বৰ্তমান পয্যন্ত আঠ জনকৈ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে  । সোমবাৰেও সেই অঞ্চললৈ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি গৈ খবৰ লয় ।   যোৰহাট লোকসভাৰ সাংসদ তপন গগৈ আৰু ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাও  দেৱশীষৰ      

    ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়।সাংসদ তপন গগৈক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয়   যে দেৱাশিষ গগৈৰ নিষ্ঠুৰ হত্যাকাণ্ডৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৰাজ্যচৰকাৰক সাতদিনৰ ভিতৰত দাখিল কৰিবলৈ যোৰহাট প্ৰশাসনক নিৰ্দেশ দিয়াৰ লগতে এই ঘটনাৰ বিচাৰ First  track আদলতৰ জড়িয়তে বিচাৰ প্ৰক্ৰিয়া হ'ব বুলি উল্লেখ কৰে । সাংসদ তাছায়েও সকলোকে  সংযম হোৱাৰ লগতে আইনৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায় । লগতে সংগঠনৰ প্ৰতিনিধিসকলেও এই ঘটনাক নিন্দা কৰি গৰিহণা দিয়ে ।আনহাতে মৰিয়নী গাভৰুত গণপ্ৰহাৰৰ লগত জড়িত সন্দেহত আৰু তিনিজন লোকক আটক মৰিয়নী আৰক্ষীৰ। ধৃত ব্যক্তি কেইজন ক্ৰমে পিণ্টু নায়ক, ভাইকন বৰা, ৰমেশ চবৰ,দিপক চবৰ,আশিশ নায়ক,সচিন চাঁওৰা,ৰাধেশ্যাম কুৰ্মী আৰু অশোক চাঁওৰা।এই পৰ্যন্ত ৮ জন লোকক আৰক্ষীয়ে আটক কৰিছে।চচিয়েল মেডিয়াত আপত্তিজনক মন্তব্য দিয়া নিতেশ নায়ক নামৰ নাগিনিজানৰ এজন যুৱককো আটক আৰক্ষীৰ। ঘটনা সন্দৰ্ভত ঘটনাৰ লগত জড়িত লোক সকলৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।