বোকাখাতত ১০ লাখ টকাৰে জুবিন গাৰ্গৰ পুৰ্ণাংগ প্ৰতিমুৰ্তি নিৰ্মানৰ শিলান্যাস মন্ত্ৰী অতুল বৰাৰ :

বোকাখাতত ১০ লাখ টকাৰে জুবিন গাৰ্গৰ পুৰ্ণাংগ প্ৰতিমুৰ্তি নিৰ্মানৰ শিলান্যাস মন্ত্ৰী অতুল বৰাৰ :
Aiidesh photo

Aiidesh News : 9 March - 2026 : 

বোকাখাতৰ নাট্যমন্দিৰ প্ৰাংগনত নিৰ্মান হ’ব লগীয়া শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমুৰ্তি নিৰ্মান কাৰ্যৰ আজি পুৱা শিলান্যাস কৰে কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই । অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে বোকাখাতৰ নাট্যমন্দিৰ পৰিচালনা সমিতি, ইমজা… ফেচেংবৰ হেৰিটেজ আদি বোকাখাতৰ বিভিন্ন দল-সংগঠনৰ উদ্যোগত নিৰ্মান কৰিবলৈ লোৱা জুবিন গাৰ্গৰ পুৰ্ণাংগ প্ৰতিমুৰ্তি নিৰ্মানৰ বাবে আজি মন্ত্ৰী অতুল বৰাই বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ পৰা ১০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে । উল্লেখ্য যে বোকাখাতৰ ইলেকট্ৰনিক মেডিয়া জাৰ্নালিষ্ট এচোছিয়েশ্যনৰ আহ্বানত বোকাখাতত আয়োজিত জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ ১০৭ টা সংগঠনৰ সহযোগত সম্পন্ন হৈছিল । এই অনুষ্ঠানত বোকাখাতত জুবিন গাৰ্গৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছিল । অসম ৰাজ্যিক সাংবাদিক সংন্থাৰ সভাপতি তথা বোকাখাত নাট্যমন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক জিতু শৰ্মাই আঁতধৰা অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপৰিও বোকাখাত মহকুমা সংবাদিক সংস্থাৰ সঙাপতি বুবুল দত্ত, সম্পাদক নীলু আচাৰ্য, বোকাখাত প্ৰাছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া , ইমাজাৰ সভাপতি সুদীপ্ত তামুলী, সম্পাদক ৰোমান বৰুৱা, বিশিষ্ট সমাজ সেৱক মহাবীৰ প্ৰসাদ আগ্ৰৱালাকে ধৰি বহু লোক উপস্থিত থাকে । অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি তথা বোকাখাত নাট্য মন্দিৰৰ সম্পাদক জিতু শৰ্মা ৰাজখোৱাই জনোৱা মতে বোকাখাতত জুবিন গাৰ্গৰ এই প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ বাবে গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ  বিষয়া বিহংগী দাস ভাগৱতীক সভাপতি, বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালাক সম্পাদক ৰূপে লৈ এখন ১১ জনীয়া সমিতি গঠন কৰি দিয়া হৈছে । জুবিন গাৰ্গৰ সঠিক প্ৰতিকৃতি বাচনিৰ দায়িত্ব দিয়া হৈছে সাংবাদিক ৰাজীৱ বৰা আৰু ৰত্নেশ্বৰ মৰাঙক। মেৰামতিৰ কাম চলি থকা বোকাখাত নাট্য মন্দিৰৰ কাম সম্পূৰ্ণ হোৱাৰ  লগে লগেই জুবিন গাৰ্গৰ এই পূৰ্ণাগ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব পৰাকৈ নিৰ্মাণ কাৰ্য আগবঢ়োৱা হ'ব বুলিও তেওঁ লগতে জনায়  । 

***********