চৰাইদেউত নাহৰফুটুকী বাঘ নিধন

চৰাইদেউত নাহৰফুটুকী বাঘ নিধন

ৰাজ্যতে কৰুণা মহামাৰীৰ পৰিএাণৰ বাবে বৰ্তি থকা লক ডাউনৰ কটকটীয়া বেষ্টনীৰ মাজতেই ৰাজ্যখনৰ চৰাইদেউ জিলাৰ অন্তৰ্গত সাপেখাতী পাৰ্শ্ব্ৱ্তী বৰটিমন অঞ্চলত এটি নাহৰফুটুকী বাঘৰ পোৱালি স্হানীয় একাংশ লোকে নিধন কৰি বাঘটোৰ মাংস ভক্ষণ কৰিবলৈ লোৱা অপচেষ্টাৰ কাণ্ড পোহৰলৈ আহিছে ৷ এনে কাণ্ডৰ বাবে স্বাভাৱিকতে বন্যজীৱ প্ৰেমীৰ লগতে প্ৰশাসনকো সতচকিত কৰি তুলিছে ৷

জানিব পৰা অনুসৰি আজি প্ৰায় দিনৰ ভাগতেই বৰটিমন অঞ্চলৰ চাহ বাগিছাৰ ভিতৰত একাংশ লোকে খেদি খেদি বাঘৰ পোৱালিটো নিধন কৰে ৷ আৰু পৰৱৰ্তী সময়ত বাঘটো ভক্ষণৰ বাবে প্ৰস্তুতি কৰাৰ কথা জানিব পাৰি এচাম সচেতন লোকে সংবাদকৰ্মীক অৱগত কৰে ৷

সমগ্ৰ বিষয়টো প্ৰশাসনৰ কৰ্ণগোচৰ হোৱাত ততাতৈয়াকৈ সাপেখাতী আৰক্ষীৰ এটা টহলদাৰী গোটে পৰ্যবেক্ষণৰ বাবে অঞ্চলটোত পৰিভ্ৰমণ কৰা কথা জানিব পাৰি দুস্কৃতিকাৰী দলটোয়ে মৃত নাহৰফুটুকী বাঘটো কোনোবা অজ্ঞাত স্হানত পেলাই যোৱা বুলি সন্দেহ কৰা হৈছে ৷ এই সন্দৰ্ভত আৰক্ষীয়ে বন বিভাগৰ লগত বিষয়টি গুৰুত্ব সহকাৰে তদন্ত কৰিব বুলি আশ্বাস প্ৰদান কৰিছে সচেতন মহলক৷ কিন্ত গুৰুত্বপূৰ্ণ কথা যে যি সময়ত ক্ৰমান্বয়ে বন ধ্বংসৰ দৰে কাৰ্য্যৰ বাবে দিনক দিনে বন্যজীৱসমূহ মানৱ অঞ্চলত প্ৰৱেশ কৰাৰ ফলত মানুহৰ হিংসাৰ বলি হৈ ক্ৰমশ লুপ্তপ্ৰায় ৰুপলৈ গতি কৰিছে, তাক কিদৰে বনবিভাগৰ লগতে চৰকাৰ প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব,সি এটা জটিল প্ৰশ্ন হৈ পৰিছে। ( সোণাৰি পৰা আলফ্ৰেড ৰহমান আৰু দীপাংকৰ পাল)