বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি : বন্তি প্ৰজ্বলন :

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি : বন্তি প্ৰজ্বলন :
Aiidesh Photo

Aiidesh News  : 03 January - 2024  : 

বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ উদ্যোগত আজি সন্ধিয়া বোকাখাত নাট্য মন্দিৰ প্ৰাংগনত দেৰগাঁৱৰ শোকাবহ পথ দুৰ্ঘটনাত নিহত সকলৰ লগতে বোকাখাত বালিজান গাঁৱৰ ঘনকান্ত নাথৰ পুত্ৰ পাপু নাথৰ আকস্মিক বিয়োগত শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰা হয় ।‌ উল্লেখ্য যে আজি নিচেই পুৱাতে গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ বনভোজৰ বাবে গৈ থকা বাছ এখনৰ সৈতে এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১২ জন লোক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে ভালে সংখ্যক লোক আহত হোৱা ঘটনাই জোকাৰি গৈছে ৰাজ্য ৷ শোকাবহ দুৰ্ঘটনাত নিহত সকলৰ লগতে পাপু নাথৰ অকাল মৃত্যুত আজি বোকাখাত নাট্য মন্দিৰ প্ৰাংগনত বন্তি প্ৰজ্বলন কৰা হয় ।

মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই আঁত ধৰা অনুষ্ঠানত ক্ৰমে বোকাখাত বাৰোৱাৰী পূজা সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগৰৱালা, অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ তৰফৰ পৰা সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি, সম্পাদক ক্ৰমে বুবুল দত্ত আৰু নীলু আচাৰ্য, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক ভৱানন্দ কলিতা আৰু উত্তম শইকীয়া, বোকাখাত নাট্য মন্দিৰৰ সভাপতি দিলীপ শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বোকাখাত শাখাৰ হৈ কেন্দ্ৰীয় বিষয় ববীয়া বিপুল বৰা আৰু নীলোৎপল খাউণ্ড, বোকাখাত মইনা পাৰিজাতৰ সভাপতি দুলাল ডেকা, কে এন এন বোকাখাত আৰু ইমজা বোকাখাতৰ হৈ দিব্যজ্যোতি হাজৰিকা, ৱাৰ্ড কমিচনাৰ প্ৰাঞ্জল বৰুৱা, সাংবাদিক-গল্পকাৰ প্ৰাঞ্জল হাজৰিকা, সাংবাদিক প্ৰদীপ হাজৰিকা,বিশিষ্ট সমাজকৰ্মী ভাস্কৰ কালিন্দী, কবি-সাংবাদিক মৃদুস্মিতা শৰ্মা ,  অজন্তা তালুকদাৰ আদিয়ে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

*********