বোকাখাতত ভাৰতী সঞ্চয় আৰু ঋণ প্ৰদান সমবায় সমিতি লিমিটেডত বিত্তীয় কেলেংকাৰী : বিভাগীয় তদন্ত : গ্ৰাহকৰ মাজত হাহাকাৰ :

Aiidesh News : 15 July - 2025 :
বোকাখাতত থকা ভাৰতী সঞ্চয় আৰু ঋণ প্ৰদান সমবায় সমিতি লিমিটেড নামৰ প্ৰতিষ্ঠানটোত শেষতীয়াকৈ বিত্তীয় অনিয়মৰ সৃষ্টি হৈছে ৷ ভাৰতী সঞ্চয় আৰু ঋণ প্ৰদান সমবায় সমিতি লিমিটেড নামৰ উল্লেখিত প্ৰতিষ্ঠানত সমবায় সমিতিৰ জেষ্ঠ পৰিদৰ্শক তথা হিচাব পৰীক্ষক ভুপেন ৰায় আৰু দেৱান্ত কিশোৰ বৰদলৈয়ে এক অনুসন্ধান চলায় ৷ এই অনুসন্ধানৰ প্ৰতিবেদনৰ আধাৰত বোকাখাতৰ ১ নং ৱাৰ্ডত অৱস্থিত ভাৰতী সঞ্চয় আৰু ঋণ প্ৰদান সমবায় সমিতি লিমিটেড নামৰ প্ৰতিষ্ঠানৰ সকলো নথি পত্ৰ জব্দ কৰিবলৈ আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে প্ৰতিষ্ঠানটোৰ সকলো বিত্তীয় লেনদেন আৰু কাম কাজ বন্ধ কৰিবৰ বাবে যোৰহাটত থকা সমবায় সমিতি সমুহৰ উপ পঞ্জীয়ক কে চি দাসে ১১ জুলাইত এক বিভাগীয় নিৰ্দেশ জাৰি কৰে ৷ এই নিৰ্দেশৰ পিচতেই ভাৰতী সঞ্চয় আৰু ঋণ প্ৰদান সমবায় সমিতি লিমিটেড নথি পত্ৰ জব্দ কৰি ১৪ জুলাইৰ পৰা প্ৰতিষ্ঠানটোত বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগে লগেই প্ৰতিষ্ঠানটোত গাঁঠিৰ ধন জমা থোৱা সাধাৰণ গ্ৰহকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৷ বিত্তীয় সমবায় প্ৰতিষ্ঠানটো বন্ধ কৰি দিয়াৰ জাননী সৰ্ব সাধাৰণ জ্ঞাতাৰ্থে ভাৰতীৰ দুৱাৰত লগাই দিয়াৰ লগে লগেই ভাৰতী সঞ্চয় আৰু ঋণ প্ৰদান সমবায় সমিতি লিমিটেডৰ সন্মুখত অগনন লোক সমবেত হয় ৷ নিজ কষ্টোপাৰ্জিত ধন বোকাখাত সম জিলাৰ বহু লোকেই ভাৰতী নামৰ এই বিত্তীয় সমবায় সমিতিৰ হাতত জমা থৈছিল ৷ ১৪ জুলাই পুৱা আঁৰি দিয়া জাননীখনৰ পিচতেই নিজৰ সঞ্চিত ধন হেৰুৱাৰ আশংকাত সৰ্ব সাধাৰণ গ্ৰাহকৰ মাজত হাঁহাকাৰ সৃষ্টি হয় ৷
ইফালে ভাৰতী সঞ্চয় আৰু ঋণ প্ৰদান সমবায় সমিতি লিমিটেডত হিচাব পৰীক্ষন চলি থকাৰ অজুহাতত বিগত চাৰিদিন সন্ধানহীন হৈ আছে সমবায় সমিতিখনৰ সভাপতি মঞ্জিল পেগু আৰু অনান্য কৰ্মচাৰী সকল ৷ ১৪ জুলাইৰ পুৱাতে ভাৰতী নামৰ সমহায় প্ৰতিষ্ঠানৰ সন্মুখত সমবেত হোৱা সৰ্বসাধাৰণ গ্ৰাহকে সমিতিখন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অমিতাভ ফুকনকহে লগ পায় ৷ প্ৰায় ১১ বছৰ পূৰ্বে বোকাখাতত স্থানীয় যুৱক মঞ্জিল পেগুৰ নেতৃত্বত প্ৰতিষ্ঠা হোৱা ভাৰতী সঞ্চয় আৰু ঋণ প্ৰদান সমবায় সমিতি নামৰ প্ৰতিষ্ঠানটোত বোকাখাতৰ ১০ হেজাৰৰো অধিক লোকে নিজৰ সাঁচতীয়া ধন জমা ৰাখিছিল । জানিব পৰা মতে বিগত সময়ছোৱাত এই সমবায় প্ৰতিষ্ঠানটোয়ে প্ৰায় ১৫০ কোটি টকাৰো অধিক ধনৰ লেনদেনো কৰিছিল ৷ সম্প্ৰতি ভাৰতী সঞ্চয় আৰু ঋণ প্ৰদান সমবায় সমিতি লিমিটেড নামৰ প্ৰতিষ্ঠানত বিত্তীয় কেলেংকাৰী সংঘৰ্টিত হোৱা বুলি সমবায় পঞ্জীয়কৰ নিৰ্দেশত প্ৰকাশ পোৱাৰ পিচত গ্ৰাহকৰ পৰা পলাই ফুৰিছে সভাপতি মঞ্জিল পেগু আৰু বিষয়া কৰ্মচাৰী সকল ৷ আনকি ধন সংগ্ৰহৰ বাবে নিয়োজিত এজেন্ট সকলো নাই ৷ নিজৰ সাঁচতীয়া ধন হেৰুৱাৰ ভয়ত বহু গ্ৰাহকে বোকাখাত আৰক্ষীৰো কাষ চাপিছে ৷ আজিৰ নিৰ্দেশৰ পিচত পৰৱৰ্তী সময়ত সমবায় সমিতিৰ পঞ্জীয়কে কি নিৰ্দেশ দিয়ে বা গ্ৰাহক সঞ্চিত ধন ঘুৰাই দিয়াৰ বাবে কি নিৰ্দেশ জাৰি কৰে তাৰ বাবে আশাৰে বাট চাই ৰৈছে গ্ৰাহক সকলে ৷ বিত্তীয় কেলেমকাৰী সংঘৰ্টিত হোৱাৰ পিচত সভাপতি মঞ্জিল পেগুৰ ওপৰত সমবায় সমিতিৰ পঞ্জীয়কে কি সিধান্ত গ্ৰহন কৰি সি হ'ব লক্ষনীয় ৷
***********