সাংস্কৃতিক মহাসভাৰ বোকাখাত আঞ্চলিক সমিতিৰ অধিৱেশন : নতুন সমিতি গঠন :

সাংস্কৃতিক মহাসভাৰ বোকাখাত আঞ্চলিক সমিতিৰ অধিৱেশন  : নতুন সমিতি গঠন :
Aiidesh Photo

Bhabananda Kalita : Aiidesh News :  , 7 April - 2024  : 

সাংস্কৃতিক মহাসভাৰ বোকাখাত আঞ্চলিক সমিতিৰ অধিৱেশন আজি পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । আজি অনুষ্ঠিত অধিবেশনৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি মনোৰঞ্জন সেনে । স্মৃতি তৰ্পন কৰে উপ সভাপতি পোনাৰাম গগৈয়ে । বৃক্ষৰোপন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ উপাধ্যায়ে । ইয়াৰ পাচতে মনোৰঞ্জন সেনৰ সভাপতিত্বত হোৱা সভাত বিগত কাৰ্যকালৰ সমিতিৰ প্ৰতিবেদন পাঠ কৰে ভাৰপ্ৰাপ্ত সম্পাদক দিলীপ চুতীয়াই । সভাত গোলাঘাট জিলাৰ সভাপতি ৰিপুঞ্জয় গোস্বামী, কেন্দ্রীয় সমন্বয়ক মুকুল বৰুৱা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মাৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, পুৱতি সাহিত্য সভাৰ সভাপতি অপূর্ব বৰদলৈ, শিল্পী পেঞ্চনাৰ হৰিপ্ৰসাদ বৰঠাকুৰ আদি বিশিষ্ট অতিথি সকল উপস্থিত থাকে ৷ সভাত পৰৱৰ্তী কাৰ্যকালৰ বাবে মনোৰঞ্জন সেনক সভাপতি, পোনাৰাম গগৈক উপ সভাপতি, দিলীপ বৰাক সম্পাদক, অনন্ত হাজৰিকা আৰু দিলীপ চুতীয়াক সহকাৰী সম্পাদক হিচাবে লৈ সাংস্কৃতিক মহাসভাৰ বোকাখাত আঞ্চলিক সমিতিৰ ১৭ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয় । 

*******