নেমুৰ গছেৰে জৈৱিক বেৰা দি উজনি অসমৰ শিৱসাগৰত কৃষক আৰু স্থানীয় লোকে উপশম কৰিবলৈ সক্ষম হৈছে হাতী-মানুহৰ সংঘাত : আৰ্থিক ভাৱে লাভৱান হ'বলৈও সক্ষম হৈছে :

নেমুৰ গছেৰে জৈৱিক বেৰা দি  উজনি অসমৰ শিৱসাগৰত কৃষক আৰু স্থানীয় লোকে উপশম কৰিবলৈ সক্ষম হৈছে হাতী-মানুহৰ সংঘাত : আৰ্থিক ভাৱে লাভৱান হ'বলৈও সক্ষম হৈছে  :
Aiidesh Photo

Aiidesh :  27 March 2023: 

উজনি অসমৰ শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ সৰাগুৰি চাপৰি অঞ্চলৰ জনসাধাৰণে  নিজৰ বাসগৃহ আৰু খেতি পথাৰৰ চৌকাষে পৰিকল্পিত ভাৱে নেমু গছ ৰোপণ কৰি নেমু গছৰ বেৰা নিৰ্মান কৰি বনৰীয়া হাতীৰ পৰা জীৱন, উদ্যান শস্য আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে । ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এই গাওঁখন  হাতী-মানুহৰ সংঘৰ্ষৰ বাবে উজনি অসমৰ ভিতৰতে অন্যতম সংঘাত জৰ্জৰ অঞ্চল হিচাপে পৰিচিত আছিল । বিগত সময়চোৱাত বনৰীয়া হাতীবোৰে খাদ্যৰ সন্ধানত ব্ৰহ্মপুত্ৰ পাৰ হৈ  নিশা প্ৰায়ে এই গাঁওখনলৈ আহিছিল আৰু ৰাইজৰ ঘৰৰ উদ্যান শস্য বা অনান্য শস্যও নষ্ট কৰিছিল । এনেসময়ত সৃষ্টি হোৱা সংঘাতৰ বাবে গাওঁবাসীয়ে নিজৰ ঘৰো হেৰুৱাব লগীয়া হৈছিল ।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব ভাৰতৰ অগ্ৰনী প্ৰকৃতি সংগঠন আৰণ্যকে ২০১৮-১৯ বৰ্ষত কৃষকৰ শস্য, সম্পত্তি আৰু জীৱন সুৰক্ষিত কৰাৰ বাবে এই সৰাগুৰি চাপৰি অঞ্চলত নেমু গছেৰে জৈৱিক-বেৰা স্থাপনৰ এক পৰীক্ষামূলক প্ৰকল্প আৰম্ভ কৰিছিল । এই পৰীক্ষাৰ অংশ হিচাপে বাসগৃহৰ পিচফালে খেতি থকা ঘৰবোৰক আৱৰি তিনি শাৰীৰকৈ নেমুৰ বেৰ ৰোপণ কৰিছিল । তিনি শাৰীকৈ ৰোপণ কৰা এই নেমুৰ গছৰ বেৰাই প্ৰায় দুবছৰ পিছত এতিয়া স্থানীয় লোক সকলক যথেষ্ট উপকৃত কৰিছে । শস্য ৰক্ষাত সফলো হৈছে ৷ সম্প্ৰতি নেমুৰ বেৰাৰ বাবে বনৰীয়া হাতীবোৰে শস্য, ঘৰ আৰু জীৱনৰ ক্ষতি নকৰাকৈ উভতি যোৱা দেখা গৈছে  |

“মোৰ ঘৰ আৱৰি থকা এই নেমুৰ বেৰখনে কেৱল মোৰ ঘৰ আৰু সম্পত্তি সুৰক্ষিত কৰাই নহয়, নেমু বিক্ৰী কৰিও মই এক নিয়মীয়া উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ” বুলি জনায় অঞ্চলটোৰ এজন হিতাধিকাৰী নিতুল দাসে । নিতুল দাসৰ মতে নেমু গছৰ বেৰখনৰ পৰা নেমু বিক্ৰী কৰি প্ৰতি মাহে তেওঁ প্ৰায় ৮০০০ টকা উপাৰ্জন কৰিবলৈও সক্ষম হৈছে ৷ 

উল্লেখ্য যে আৰণ্যকে হাতী-মানুহৰ সংঘাতপূৰ্ণ অঞ্চলত বিকল্প শস্যৰ খেতি কৰিবলৈ অঞ্চলবোৰৰ কৃষক আৰু স্থানীয় লোকৰ মাজত সজাগতা সৃষ্টি কৰি এনে জৈৱিক বেৰা নিৰ্মানত সহায়ো কৰিছে যাতে অঞ্চলবোৰত হাতী মানুহৰ সংঘাতৰ নিয়ন্ত্ৰন কৰাৰ লগতে স্থানীয় লোকসকলৰ জীৱন, শস্য আৰু সম্পত্তি সুৰক্ষিত কৰাতো সহায়ক হয় ।

***********