কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলত বিশ্ব ঐতিহ্য দিৱস উদযাপন : ছাত্ৰ ছাত্ৰীৰ উদ্যান দৰ্শন :

Aiidesh News  : 18 April - 2024 :

সমগ্ৰ বিশ্বৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো বিশ্ব ঐতিহ্য দিৱস উদযাপন কৰা হয় ৷ বিশ্ব ঐতিহ্য দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ডিফলু পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক বন বিভাগৰ উদ্যোগত অগৰাতলি বনাঞ্চল পৰিদৰ্শন কৰোৱা হয় ৷ চাৰিখন জীপচিৰে ছাত্ৰ ছাত্ৰী সকলে অগৰাতলি বনাঞ্চল দৰ্শন কৰে ৷ বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক তথা বন কৰ্মচাৰী গীতাঞ্জলি কলিতা, পৰিবেশ কৰ্মী উত্তম শইকীয়া আৰু ডিফলু পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নমিতা বৰাৰ নেতৃত্বত যোৱা ছাত্ৰ ছাত্ৰীৰ দলটোক চহলা বিলৰ পাৰত থকা দৰ্শন চূড়া আৰু ৰঙামটীয়া বনশিৱিৰত ছাত্ৰ ছাত্ৰীৰ দলটোক ক্ষেত্ৰ ভিত্তিক পাঠদান কৰা হয় ৷ বিশ্ব ঐতিহ্য দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ দলটোক কাজিৰঙাৰ জৈৱ বৈচিত্ৰ আৰু সংৰক্ষণৰ উপৰিও বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে কাজিৰঙাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰা হয় ৷ এই ভ্ৰমন কালত ছাত্ৰ ছাত্ৰীৰ দলটোয়ে ৰাষ্ট্ৰীয় উদ্যানখনত বনকৰ্মী সকলৰ জীৱন, দায়ীত্ব পালন আৰু বনশিৱিৰৰ সমুহ ব্যৱস্থাৰো বুজ লয় ৷ অগৰাতলি বনাঞ্চলৰ ৰঙামতীয়া বনশিৱিৰত তেওঁলোকে বনকৰ্মী সকলৰ সৈতেও মতবিনিময় কৰে ৷

ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ পিচত অগৰাতলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় প্ৰংগনত ঐতিহ্য দিৱসৰ বিশেষ কাৰ্যসুচী অনুষ্ঠিত হয় ৷ অনুষ্ঠানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ আৰু বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ গুৰুত্ব, জৈৱ বৈচিত্ৰতা আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱতন্ত্ৰ সংৰক্ষণ সম্পৰ্কত ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে ৷ কাজিৰঙাৰ কাষৰীয় গাওঁৰ বাসিন্দা হৈয়ো প্ৰথম বাৰৰ বাবে কাজিৰঙা দৰ্শন কৰি উৎফুল্লিত হৈ পৰা ছাত্ৰ ছাত্ৰী সকলে এই সুবিধা প্ৰদান কৰি দিয়াৰ বাবে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ আৰু ডি এফ অ’ অৰুণ বিঘ্নেশক ধন্যবাদ জ্ঞাপন কৰে ৷

**********