লোক সভা নিৰ্বাচন : বোকাখাতৰ বিহৰাত আয়োজিত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা : নিৰ্বাচনী গীতৰ তালে তালে নৃত্য হিমন্ত বিশ্ব শৰ্মাৰ : অতুল বৰাৰ মটৰচাইকেল ৰেলী :

Aiidesh News  : 7 April - 2024  :

লোকসভানৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব লগা ১০ নং কাজিৰঙা সমষ্টিত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে আজি বোকাখাতলৈ আহে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বোকাখাত উপ জিলাৰ বিহৰাৰ কুঁহিয়াৰবাৰী ৰাজহুৱা খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত অংশ গ্ৰহন হেলিকপ্তাৰেৰে অহা ড.হিমন্ত বিশ্ব শৰ্মাই বিহৰা চাহ বাগিছাৰ হেলিপডত অৱতৰণ কৰি কুঁহিয়াৰবাৰীৰ নিৰ্বাচনী সভালৈ আহে ৷ সমবেত ৰাইজে গায়ন বায়ন, ঝুমুৰ আৰু বিহুনৃত্যৰ লগতে পুষ্পবৃষ্টিৰে আদৰনী জনায় মুখ্যমন্ত্ৰী গৰাকীক । ৰাইজক কৰমৰ্দন কৰি ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী সভাত অংশ লয় হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচনী সভাৰ মঞ্চতে তেওঁ অসম গন পৰিষদ দলৰ সভাপতি তেওঁৰেই মন্ত্ৰীসভাৰ জেষ্ঠ মন্ত্ৰী অতুল বৰাৰ ৰাজহুৱাকৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাৰ হৈ নিৰ্বাচনী সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পিচতেই আৰু ৫০ হাজাৰ চাকৰি মুকলি কৰি জুলাই মাহত সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে । অহা দূৰ্গা পূজাৰ পূৰ্বেই নিযুক্তিয়ো সম্পূৰ্ণ কৰা বুলি জনায় ৷ চাহবাগিচাৰ নিবনুৱাৰ বাবে ৩ শতাংশ সংৰক্ষিত চাকৰি হ'ব বুলিও তেওঁ ঘোষণা কৰে ৷ ৰেচন কাৰ্ড থকা সকলোৱেই অৰুনোদয় পাব আৰু লাখপতি বাইদেউ সকলে প্ৰথম কৃষ্টিৰ ধন ১০ হাজাৰ টকা ১৫ আগষ্টৰ পিছতে পাব যাব বুলিও নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ৷ সভাৰ শেষত অতুল বৰাক লগত লৈ নিৰ্বাচনী সভাৰ মঞ্চতে বিজেপি দলৰ নিৰ্বাচনী গীত আকৌ এবাৰ মোডী চৰকাৰৰ তালে তালে তেওঁ নৃত্য কৰি সকলোকে আপ্লুত কৰে ৷

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মোডী জিয়েতো গেৰান্টি দিবই, সেই গেৰান্টিক ৰাজ্য চৰকাৰে ৱাৰেন্টি কৰি স্থায়ী ৰূপ দিব ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নৰেন্দ্ৰ মোডী নিজেই থাকি গৈছে ৷ তেওঁ পৰামৰ্শ মতেই কাজিৰঙা আৰু ইয়াৰ কাষৰীয় অঞ্চলৰ আন্ত: গাঠনি আৰু পৰ্যটনৰ উন্নয়নৰ বাবে আমি কেইবাটাও সুন্দৰ সুন্দৰ প্ৰকল্প প্ৰস্তুত কৰিছো ৷ আমি সকলোয়ে মিলি এইবোৰ ৰূপায়ন কৰিম ৷ বি জে পি দলে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বুলি উঠা অভিযোগৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয়যে আমি কোনো নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ কথা কোৱা নাই ৷ সুন্দৰকৈ আমি প্ৰচাৰ চলাই আছো ৷ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ কথা উল্লেখ কৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ - কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ পাকিস্তানৰ বাবে প্ৰযোজ্য হ'ব ৷ এই ইস্তাহাৰেৰে কংগ্ৰেছে পাকিস্থানী নাগৰিকৰহে ভোট লাভ কৰিব পাৰিব ৷ নিৰ্বাচনী প্ৰচাৰৰ এই সভাত কামাখ্যা প্ৰসাা তাচাৰ নাম এবাৰো উল্লেখ নকৰাকৈ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক ভোট দিবৰ বাবে সকলোকে আহ্বান জনায় ৷

ইফালে আজি বোকাখাতৰ বিহৰাত আয়োজিত  এই নিৰ্বাচনী সভাত অংশ ল'বৰ বাবে কেইবা শতাধিক সতীৰ্থক লগত লৈ বোকাখাতৰ পৰা মটৰচাইকেল ৰেলী কৰি যায় মন্ত্ৰী অতুল বৰাই ৷ নিজেই বুলেট চলায় বিজেপি আৰু অগপ দৰল পতাকা লৈ বোকাখাতৰ কেন্দ্ৰীয় বিহুতলিৰ পৰা মটৰচাইকেল ৰেলী লৈ বিহৰাৰ নিৰ্বাচনী সভাত অংশ লয় বোকাখাতৰ বিধায়ক তথা অ গ পৰ সভাপতি অতুল বৰাই ৷ দেৰগাওঁ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহন কৰি হেলিকপ্তাৰেৰ বোকাখাতলৈ অহা হিমন্ত বিশ্ব শৰ্মাই বোকাখাতত নিৰ্বাচনী প্ৰচাৰ সমৰি পুনৰ হেলিকপ্তাৰেৰে লক্ষীমপুৰলৈ যাত্ৰা কৰে ৷

********