কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পক্ষী গননা : জলবায়ু পৰিবৰ্তনে পৰিসংখ্যা হ্ৰাস কৰাৰ সম্ভাৱনা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পক্ষী গননা :  জলবায়ু পৰিবৰ্তনে পৰিসংখ্যা হ্ৰাস কৰাৰ সম্ভাৱনা  :
Aiidesh Photo

Aiidesh News :  21 December  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ প্ৰকল্প তিনিটা সংমণ্ডলৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলত ২১ আৰু ২২ ডিচেম্বৰত চতুৰ্থ জলচৰ পক্ষীৰ গননা চলোৱা হয় ৷ সংমণ্ডলটোৰ বোকাখাত,  অগৰাতলি, কাজিৰঙা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত ২১ ডিচেম্বৰৰ পুৱাৰে পৰা জলাহ ভুমি সমুহত একেলগে পক্ষী গননা কৰা হয় ৷ গননাত বোকাখাত বনাঞ্চলত ২ দলে ৪ টা স্থানত,  অগৰাতলি বনাঞ্চলত ১২ টা দলে ৩১টা স্থানত , কহঁৰা বনাঞ্চলত ১০ টা দলে ২৫ টা স্থানত,  বাগৰি বনাঞ্চলত ৯ টা দলে ৩৩ টা স্থানত আৰু বুঢ়াপাহাৰ বনাঞ্চলত ২ টা দলে মুঠ১৩ টা স্থানত জলচৰ পখীৰ গননা কাৰ্য সম্পন্ন কৰে ৷

এই পখী গননা কাৰ্যসুচীত গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা, ৰাজ্যৰ বিশিষ্ট পক্ষীবিদ ড৹আনোৱাৰদ্দিন চৌধুৰী, অৰণ্যম সাহিত্যৰ বিশিষ্ট লেখক দেৱাংগ মহলীয়া, গোলাঘাটৰ ডি এফ অ' এছ কে ঠাকুৰীয়া,  শোনিতপুৰৰ ডি এফ অ' অৰুণ বিঘ্নেশ, পখীবিদ উদয়ন বৰঠাকুৰ, ফিৰোজ হোছেইন, অনুজ শইকীয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ২৫ গৰাকী পক্ষী বিশাৰদে অংশ গ্ৰহন কৰে ৷

কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ' ৰমেশ কুমাৰ গগৈ আৰু গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাৰ সামগ্ৰীক পৰিচালনাত ২১ ডিচেম্বৰত কাজিৰঙাৰ পক্ষী গননা সুকলমে সম্পন্ন হয় ৷ পক্ষী গননা কাৰ্যত গননাকাৰীদলক বোকাখাতৰ জে ডিএছ জি মহাবিদ্যলয়ৰ ২৭ গৰাকী,  চি এন বি মহাবিদ্যলয়ৰ ১৩ গৰাকী, কলিয়াবৰ মহাবিদ্যালয়ৰ ৪ গৰাকী , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২ গৰাকী আৰু অসম বিশ্বিদ্যালয়ৰ ‌১ গৰাকী স্বেচ্ছাসেৱকে বিশেষ ভাৱে সহায় কৰে ৷

উল্লেখ্য যে ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা এই পক্ষী গননা ২৪ ডিচেম্বৰ পৰা নগাওঁ সংমণ্ডলত আৰু ২৬ ডিচেম্বৰৰ পৰা কাজিৰঙাৰ বিশ্বনাথ বন সংমণ্ডলত পখী গননা কৰা হ'ব ৷ ইতিমধ্যেই হৈ যোৱা গননাৰ সমীক্ষা আৰম্ভ হৈছে ৷ জলবায়ু পৰিবৰ্তন ভয়াবহ প্ৰভাৱৰ বাবে এই বাৰৰ পক্ষী গননাত পুৰ্বতকৈ ৰাষ্ট্ৰীয় উদ্যানত চৰাই সংখ্য কমাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই ৷

*********