বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ উদ্যোগত প্ৰকৃতিৰ বুকুত মুকলি কৰা হ'ল ঢকুৱাখনাৰ পৰা উদ্ধাৰ কৰি অনা বৰটোকোলা :

Aiidesh News  : 7 April - 2024 :

উত্তৰ পূৰ্বাঞ্চলৰ অতি গুৰুত্বপূৰ্ণ কাজিৰঙাৰ পানবাৰী সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত প্ৰতিপালিত হৈ আজি প্ৰকৃতিৰ বুকুলৈ ওভতি গ'ল এটা বৰটোকোলা চৰাই ৷ যোৱা ২৯ মাৰ্চত ঢকুৱাখনাৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰি আনি এই আহত বৰটোকোলা চৰাইটোক কেন্দ্ৰৰ হাতত অৰ্পণ কৰিছিল ৷ তেতিয়াৰে পৰা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত প্ৰতিপালিত হৈ থকা এই বৰটোকোলাটোক মানুহৰ সংস্পৰ্শ নোপোৱাকৈ অতি কৌশলেৰে প্ৰতিপালন কৰি প্ৰশিক্ষণ দি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় জাপৰি বিলত মুকলি কৰি দিয়া হয় ৷ পৰৱৰ্তী কিছু দিন  নিৰীক্ষণ ৰখাৰ বাবেই ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় আৰু সমিতিৰ দ্বাৰা পৰিচালিত জাপৰি বিলত চৰাইটো মুকলি কৰি দিয়া হয় বুলি জানিবলৈ দিয়ে বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ ভাস্কৰ চৌধুৰীয়ে ৷ চৰাইটোৰ শৰীৰত যদিও গুৰুত্বৰ আঘাত নাছিল তথাপিও পাখি গজিবলৈ ধৰা সময়তেই তাক আমাৰ কেন্দ্ৰলৈ অনা হৈছিল ৷ দীৰ্ঘ দিন প্ৰচিপালন কৰা হৈছিল যদিও চৰাইটোক মানুহৰ সংস্পৰ্শ আৰু মানুহৰ প্ৰভাৱ পৰিবলৈ দিয়া হোৱা নাছিল বুলি জানিবলৈ দিয়ে চিকিৎসক গৰাকীয়ে ৷ এতিয়া সি প্ৰকৃতিৰ বুকুত খাপ খাব পৰাকৈ অভিজ্ঞ হ'ল ৷ যাৰ বাবে আজি সফলতাৰে প্ৰকৃতিৰ বুকুত মেলি দিয়া হয় ৷

উল্লেখ্য বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু প্ৰতিপালন এক জটিল বিষয় ৷ প্ৰতিপালনৰ সময়ত মানুহৰ দ্বাৰা বন্যপ্ৰাণীটোক প্ৰভাৱিত আৰু বশীভুত হ'বলৈ দিয়া অনুচিত ৷ এনে হলে উদ্ধাৰ কৰা প্ৰাণী মানুহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰি প্ৰকৃতিৰ বুকুত জীয়াই থকাৰ ক্ষমতা হেৰুৱাই পেলায় ৷ এনে পৰিঘটনা প্ৰকৃতিৰ প্ৰতিকুল ৷ 

Photo by Oviya Jayasimha,CWRC.

*********