বেচৰকাৰী সংগঠন গ্ৰাছৰ উদ্যোগত বোকাখাতত জ্যেষ্ঠ নাগৰিকৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ :

বেচৰকাৰী সংগঠন গ্ৰাছৰ উদ্যোগত বোকাখাতত জ্যেষ্ঠ নাগৰিকৰ বাবে  বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ :
Aiidesh photo
বেচৰকাৰী সংগঠন গ্ৰাছৰ উদ্যোগত বোকাখাতত জ্যেষ্ঠ নাগৰিকৰ বাবে  বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ :

 

Ajanta Talukdar : Aiidesh News : 17th February :

বোকাখাতৰ অগ্ৰণী বেচৰকাৰী সংগঠন গ্ৰাছৰ  উদ্যোগত স্থানীয় স্বেতা-সংগীতা হেলথ কেয়াৰ নামৰ প্ৰতিষ্ঠানৰ উদ্যোগত স্থানীয় জ্যেষ্ঠ নাগৰিক ভৱনত গ্ৰাম্যাঞ্চলৰ জ্যেষ্ঠ নাগৰিকৰ বছৰজোৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ আজি অনুষ্ঠিত হয় । দিনজোৰা এই স্বাস্থ্য পৰীক্ষা শিবিৰত  যোৰহাটৰ পৰা অহা পাঁচ জনীয়া এটা চিকিৎসাকৰ্মী দলৰ সহযোগত বোকাখাতৰ বিশিষ্ট চিকিৎসক  ডাঃ অপূৰ্ব কুমাৰ শৰ্মাই ৫০ গৰাকীৰো অধিক জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য পৰীক্ষা কৰে । উল্লেখ্য যে চৰকাৰী চাকৰিৰ দায়িত্ব সুচাৰুৰূপে সম্পন্ন কৰাৰ লগতে বিভিন্ন সময়ত বোকাখাতৰ গ্ৰাম্যাঞ্চলত দৰিদ্ৰ আৰু আৰ্তজনলৈ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই অহাৰ লগতে নিজৰ দৰমহাৰ ত্ৰিশ শতাংশ গাঠিৰ ধন দুখীয়া ৰোগীৰ বাবে খৰচ কৰা মানৱ দৰদী তথা গ্ৰাছৰ অন্যতম উপদেষ্টা ডাঃ অপূৰ্ব কুমাৰ শৰ্মা এগৰাকী আদৰ্শ চিকিৎসক ।

স্বাস্থ্য পৰীক্ষা শিবিৰত গ্ৰাছৰ সভাপতি অংকুৰ বৰঠাকুৰ , সম্পাদক ইন্দ্ৰেশ্বৰ বৰা, গ্ৰাছৰ বোকাখাত মৌজাৰ সভাপতি প্ৰমোদ ঘোষকে আদি কৰি উপদেষ্টা, বিষয় ববীয়া আৰু সদস্য সকলৰ উপৰিও অসম জ্যেষ্ঠ নাগৰিক সন্মিলন, বোকাখাত গোটৰ সভাপতি আনিছুৰ ৰহমান সম্পাদক নিৰঞ্জন শইকীয়াৰ লগতে বিষয় ববীয়া আৰু সদস্য সকল উপস্থিত থাকে ।

************************