কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ :

Aiidesh News  : 24 May - 2025  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত আজি ঢেকীয়াপতীয়া বাঘৰ এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয় ৷ কঁহৰা বনাঞ্চলৰ বাঘমাৰী বনশিৱিৰ এলেকাৰ এখন কাঠনিৰ মাজত কৰ্মৰত বন কৰ্মীয়ে মৃত বাঘটো আজি পুৱা প্ৰত্যক্ষ কৰে ৷ পিচত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰধিকৰণৰ নিৰ্দেশ অনুসৰী কাজিৰঙাৰ ডি এফ অ’ অৰুণ বিঘ্নেশৰ নেতৃত্ব যোৱা পশু চিকিৎকে ঘটনাস্থলীতেই বাঘটোৰ উৱলি যোৱা মৃতদেহৰ মৰোনোত্তৰ পৰীক্ষা কৰে ৷ মৰোনোত্তৰ পৰীক্ষাৰ পিচত প্ৰাপ্ত বয়স্ক ঢেকীয়াপতীয়া বাঘটো স্বাভাৱিক কাৰণতেই মৃত্যু হোৱা বুলি ডি এফ অ’ অৰুণ বিঘ্নেশে জানিবলৈ দিয়ে ৷ বিষয়া গৰাকীৰ মতে ১০ দিনৰ আগতেই  মৃত্যু হোৱা ঢেকীয়াপতীয়া বাঘটোৰ শৰীৰ উৱলি গলেও দাঁত, ভৰিকে ধৰি শৰীৰৰ বাকী অংশ ঠিকেই থকালৈ চাই বাঘটো প্ৰাকৃতিক কাৰণতেই মৃত্যু হোৱা বুলি ধৰণা কৰা হৈছে ৷ উৱলি যোৱা শৰীৰৰ বাবে মৃত ঢেকীয়াপতীয়া বাঘটোৰ লিংগও নিশ্চিত কৰিব পৰা নাই পশু চিকিৎসকে ৷ মৰোনোত্তৰ পৰীক্ষাৰ শেষত ডি এফ অ’ অৰুণ বিঘ্নেশ আৰু বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈ আৰু অনান্য প্ৰতিনিধিৰ উপস্থিতিত ঘটনাস্থলীতে মৃত ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহ দাহ কৰা হয় ৷ উল্লেখ্য যে যোৱা ইয়াৰ পূৰ্বে ১৩ মে'ত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত আন এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হৈছিল  ৷

**********